ETV Bharat / state

বেদখলকাৰীৰ কবলত নগাঁৱৰ বিদ্যালয়ৰ ভূমি - বেদখলকাৰী

ৰাজ্যৰ ভিন্ন প্ৰান্তত বেদখলকাৰীৰ দপদপনি । বিদ্যালয়ৰ ভূমিতো কোপ দৃষ্টি বেদখলকাৰীৰ । এইবাৰ নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে । সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত ন ন তথ্য ফাদিল কৰিলে বিদ্যালয়ৰ কৰ্তৃপক্ষই ।

Nagaon school encroachment
বটদ্ৰৱাৰ বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ
author img

By

Published : Sep 8, 2021, 6:07 PM IST

নগাঁও, ৮ ছেপ্টেম্বৰ: বেদখলকাৰীয়ে ভাবুকি আনিছে অসমৰ খিলঞ্জীয়া লোক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ । নগাঁৱত বিদ্যালয়ৰ ভূমি বেদখল কৰিবলৈও নেৰিলে একাংশ দুষ্ট চক্ৰই । বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি অসাধু লোকে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি বিদ্যালয় কৰ্তৃপক্ষই এই অভিযোগ তোলে ।

বটদ্ৰৱাৰ বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ

সংবাদমেলত বিদ্যালয়ৰ ভূমি বেদখল সন্দৰ্ভত ন ন তথ্য ফাদিল কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই । লগতে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে । একাংশ অসাধু লোকে শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ ভূমি বেদখল কৰি পকী ঘৰ নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনৰ অধ্যক্ষ অনিল শইকীয়াই কয় যে, বটদ্ৰৱা মৌজাৰ ধূপগুৰি কিচামতৰ ৩৩৯ দাগ নম্বৰৰ চাৰি বিঘা চাৰি কঠা দহ লেছা, ৩৪০ দাগ নম্বৰ ষোল্ল বিঘা চাৰি কঠা দহ লেছা মুঠ একৈশ বিঘা চাৰি কঠা ভূমি একাংশ অসাধু লোকে অবৈধভাৱে দখল কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ভূূমি এইদৰে বেদখল কৰি অঞ্চলটোৰ ৰাইজৰ মাজত থকা সম্প্ৰীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে ।

আনহাতে, সংবাদ মেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই বটদ্ৰৱাৰ সত্ৰ, বিদ্যালয়ৰ নামত থকা ভূমিৰ সকলোবোৰ বেদখল উচ্ছেদ কৰিবলৈ চৰকাৰক আহ্বান জনায় । এই বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰি বেদখলকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইন্দ্ৰমোহন বৰুৱাই অনুৰোধ জনাইছে । এনেদৰে বিদ্যালয়ৰ ভূমি বেদখল কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: অমৃত মহোৎসৱ : চিৰাঙত CRPFৰ চাইকেল আৰোহীৰ দলক আদৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.