ETV Bharat / state

নগাঁৱত এইবাৰ মঞ্চস্থ হ'ব সম্প্ৰীতিৰ ৰাস

সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰাসৰ আনন্দ ৷ নগাঁৱৰ ৰাস মহোৎসৱত এইবাৰ জাতি-ধৰ্মৰ ভেদাভেদ পাহৰি সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷

নগাঁৱৰ ৰাস
author img

By

Published : Nov 11, 2019, 9:03 PM IST

নগাঁও,11 নৱেম্বৰঃ ৰাজ্যৰ চাৰিওফালে এতিয়া ৰাসৰ আনন্দ ৷ মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাসক লৈ বৰ্ণাঢ্য আয়োজন ৷ নগাঁৱতো পূৰ্ণৰূপত এতিয়া ৰাস উৎসৱৰ প্ৰস্তুতি ৷ এই ৰাস মহোৎসৱত এইবাৰ দেখা যাব জাতি-ধৰ্মৰ ভেদাভেদ পাহৰি সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷ এইবাৰ বঢ়মপুৰৰ ৰাসে দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে ৷ বঢ়মপুৰৰ জাগৰণ যুবমঞ্চৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই ৰাসত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিব ইছলাম ধৰ্মৰ যুৱতীয়ে । হিন্দু-ইছলাম সকলোৱে একেলগে অংশগ্ৰহণ কৰিব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত। কেৱল শ্ৰীকৃষ্ণৰ চৰিত্ৰতেই নহয় গোপীৰ ৰূপতো অৱৰ্ত্তীণ হ'ব ইছলাম ধৰ্মৰ যুৱতী ৷ কেলিগোপাল নাটত কৃষ্ণৰ ভাও ল'ব নগাঁৱৰ মুচকান বেগমে ।

Intro:সম্প্ৰীতিৰ নিদৰ্শন ৰাসমহোৎসৱতো। ৰাসত কৃষ্ণৰ ভাও লব মুছলিম যুৱতীয়ে। হিন্দু মুছলিম একেলগে অংশগ্ৰহণ কৰিব শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত। Body:এতিয়া ৰাসৰ বতৰ।ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ তুংগত উঠিছে ৰাসৰ প্ৰস্তুতি।নগাঁৱৰ বঢ়মপুৰতো শেষ আখৰাত ব্যস্ত হৈ পৰিছে সকলো।বঢ়মপুৰৰ জাগৰণ যুবমঞ্চৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া ৰাস মহোৎসবে এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।বঢ়মপুৰৰ এই ৰাস উৎসব উদযাপন সমিতিয়ে শংকৰ আজানৰ দেশৰ সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিছে।জাগৰণ যুবমঞ্চৰ এই ৰাসমহোৎসবত অংশগ্ৰহণ কৰিছে মুছলমান সম্প্ৰদায়ৰ যুবতীসকলেও।কেবল গোপী নহয় কেলিগোপাল নাটত কৃষ্ণৰ ৰূপত অবতীৰ্ণ হৈছে এগৰাকী মুছলমান যুবতী।কৃষ্ণৰ ৰূপত অবতীৰ্ণ হৈছে নগাঁৱৰ মুচকান বেগম।শংকৰদেৱ হিন্দু বা মুছলমান হোৱাৰ আগতে তেও এজন অসমীয়া।আৰু অসমৰ প্ৰতিজন ব্যক্তিয়ে বৰ্নবৈষম্য দুৰ কৰি গুৰুজনাৰ সৃষ্টিক জীয়াই ৰাখিব লাগে বুলি মন্তব্য কৰে মুস্কানে।আনহাতে এই ৰাস মহোৎসবে প্ৰমান কৰিলে যে এতিয়াও শংকৰ আজানৰ একতাৰ এনাজৰী ছিগি যোৱা নাই।আমি হিন্দু বা আমি মুছলমান সেইয়া পিছত,কিন্তু প্ৰথমে আমি অসমীয়া।
Bite:
--------------------------*----------------***---
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ,
11-10-19 Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.