ETV Bharat / state

স্বামী গ’ল জেললৈ: ড্ৰাগছৰ ব্যৱসায় চলাই নিয়াৰ দায়িত্ব ল’লে পত্নীয়ে !

author img

By

Published : Dec 7, 2021, 5:29 PM IST

নগাঁৱত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs mission of Nagaon Police) । অভিযানত পোহৰলৈ আহিছে ড্ৰাগছৰ ব্যৱসায়ত মহিলা জড়িতৰ কথা( Nagaon women in drugs business ) ৷ সবিশেষ জানো আহক ৷

nagaon-police-seized-drugs-from-women
স্বামী গ’ল জেললৈ ড্ৰাগছৰ ব্যৱসায় চলাই নিয়াৰ দায়িত্ব ল’লে পত্নীয়ে !

নগাঁও, 7 ডিচেম্বৰ : নগাঁৱত গঢ়ি উঠা ড্ৰাগছৰ ক'লা সাম্ৰাজ্য পুলিয়ে পোখাই উভালিবলৈ দিনক দিনে তৎপৰতা বৃদ্ধি কৰিছে নগাঁও আৰক্ষীয়ে । ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত বহু কুখ্যাত ব্যৱসায়ীক জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া একাংশ মহিলা ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ নগাঁও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে যে, স্বামী জেলত থকাৰ সময়ত পত্নীয়ে ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখে(Nagaon women indulged in drug business ) ।

মঙলবাৰে নগাঁও আৰক্ষীৰ এক অভিযানত জালত পৰিছে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত মহিলা । মঙলবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ(oc Taranga Patowary) নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ড্ৰাগছ ব্যৱসায়ত জড়িত দুই মহিলাক আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ নাৰামাৰীৰ মৰজিনা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষী বাহিনীয়ে চলোৱা অভিযানত মৰজিনা খাতুনৰ লগতে তছলিমা খাতুন নামৰ আন এগৰাকী মহিলাকো আটক কৰা হয় ।

ইয়াৰ লগতে ঘৰটোৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী আৰক্ষীৰ দলটো(Nagaon police seized drugs from women) । অতি কৌশলেৰে নাৰামাৰীৰ এই গেংটোৱে এটা বাকচত ভৰাই ড্ৰাগছ বিক্ৰী কৰি অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীৰ দলটোৱে । অৱশেষত, ড্ৰাগছ বিক্ৰীৰ কাৰ্যত ব্যৱহৃত এটা বাকচৰ লগতে ৭০ টাকৈ কণ্টেইনাৰ জব্দ কৰে অভিযানকাৰী দলটোৱে । উল্লেখযোগ্য যে, বিগত দুটা দিনত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত সংঘটিত হৈছিল দুটাকৈ গুলীচালনাৰ ঘটনা ।

লগতে পঢ়ক : Anti drugs operation in Guwahati : গেলামালৰ দোকানতো ওলাইছে বৰবিহ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.