ETV Bharat / state

চিকিৎসালয়ৰ পৰা সন্ধানহীন হোৱা এগৰাকী কন্যাৰ সম্ভেদ লাভ

অৱশেষত উদ্ধাৰ হ’ল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈ থকা এগৰাকী 10 বছৰীয়া কন্যা (Nagaon police recovered Missing girl) ৷ শালনা বাগানৰ পৰা নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে নাবালিকাগৰাকীক । কিন্তু বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰা নাই নিৰুদ্দেশ হৈ থকা 3 বছৰীয়া শিশুটিৰ ৷

author img

By

Published : Sep 6, 2022, 10:46 PM IST

Nagaon police recovered Missing girl
চিকিৎসালয়ৰ পৰা সন্ধানহীন হোৱা এগৰাকী কন্যাৰ সম্ভেদ লাভ

নগাঁও, 6 ছেপ্টেম্বৰ : নগাঁও আৰক্ষীৰ সফলতা ৷ অৱশেষত নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে হাস্পতালৰ পৰা নিৰুদ্দেশ হোৱা 10 বছৰীয়া কন্যাগৰাকীক । শালনা বাগানৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় নাবালিকাগৰাকীক (Nagaon police recovered Missing girl) । অৱশ্যে বৰ্তমানেও আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰা নাই নিৰুদ্দেশ হৈ থকা 3 বছৰীয়া শিশুটিৰ ৷

উল্লেখ্য যে, মঙলবাৰে দিনৰ ভাগত পোহৰলৈ আহিছিল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাৰ তথ্য (Tense situation in Nagaon civil)। উত্থাপন হৈছিল চিকিৎসালয়খনত ভৰ্তি হৈ মাতৃৰ সৈতে থকা দুটি শিশুক বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ ।

তথ্য অনুসৰি, যোৱা 8 আগষ্টত নগাঁৱৰ শালনাৰ গণেশ তাঁতী নামৰ মহিলাগৰাকীক অগ্নিদগ্ধ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত (Allegation of child selling in Hospital) । মহিলাগৰাকীৰ সৈতে আছিল তেওঁৰ দুই সন্তান । কিন্তু চিকিৎসালয়খনৰ পৰাই হঠাৎ নিৰুদ্দেশ হয় মাতৃৰ সৈতে থকা দুটি শিশু ।

চিকিৎসালয়খনত ভৰ্তি হৈ থকা মহিলাগৰাকীৰ সোমবাৰে মৃত্যু হোৱাৰ পিছতেই পোহৰলৈ আহে শিশু দুটি সন্ধানহীন হোৱাৰ ভয়ংকৰ তথ্য । চৰকাৰী চিকিৎসালয়খনৰ পৰা শিশু দুটিক বিক্ৰী কৰাৰ কথা আওপকীয়াকৈ স্বীকাৰো কৰে চিকিৎসালয়খনৰ কৰ্তব্যৰত নাৰ্চে (Child missing from Nagaon civil hospital)।

ইফালে মাতৃৰ সৈতে থকা শিশু দুটিক চিকিৎসালয়ৰ আৰক্ষী চকীত চমজাই দিয়া বুলিও মন্তব্য কৰে আন এগৰাকী নাৰ্চে । কিন্তু ইয়াৰ বিপৰীতে সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই । আৰক্ষীৰ মতে, মাতৃৰ শুশ্ৰূষাৰ দায়িত্বত থকা শিশু দুটিক আৰক্ষীয়ে চমজি লোৱাৰ কোনো যুক্তি নাই ।

আনকি আৰক্ষীক জনোৱা হোৱা নাছিল অগ্নিদগ্ধ মহিলাগৰাকী চিকিৎসাধীন হৈ থকাৰ কথাও (Nagaon child missing news) ৷ ইপিনে, সোমবাৰে মৃত্যু হোৱা গণেশ তাঁতী নামৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ কোনেও চমজি নোলোৱাত চিকিৎসালয়ৰ মৰ্গতে ৰখা হৈছে মহিলাগৰাকীৰ মৃতদেহ ।

মঙলবাৰে দিনৰ ভাগত বিভিন্ন সংবাদ মাধ্যমত সমগ্ৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে বিয়লিৰ ভাগত উদ্ধাৰ হয় নিৰুদ্দিষ্ট 10 বছৰীয়া কন্যাগৰাকীক (Nagaon child recovered news) ৷

লগতে পঢ়ক : মৰ্গত মাতৃৰ মৃতদেহ: চিকিৎসালয়ৰ পৰা সন্ধানহীন দুই শিশু সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.