নগাঁও, 30 অক্টোবৰ : ন ন কৌশল অৱলম্বন কৰি অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ এইবাৰ সোণৰ গ্ৰাহকৰ ৰূপত আৰ্বিভাৱ নগাঁও আৰক্ষী ৷ নগাঁও আৰক্ষীৰ জালত পৰিছে নকল সোণৰ ব্যৱসায়ী ৷
জানিব পৰা মতে, শনিবাৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই প্ৰায় দুই কেজি নকল সোণসহ আটক কৰিবলৈ সক্ষম হৈছে দুই নকল সোণৰ ব্যৱসায়ীক । আটকাধীন দুই ব্যৱসায়ী হৈছে নগাঁৱৰ চামগুৰি কৰৈগুৰিৰ অমিৰ হুছেইন আৰু আইজুল ইছলাম ৷
দুই নকল সোণ ব্যৱসায়ীয়ে শুকুৰবাৰেই বিক্ৰীৰ বাবে মজুত ৰাখিছিল প্ৰায় দুই কিলোগ্ৰাম ওজনৰ নকল সোণৰ টুকুৰা ।
গোপন সূত্ৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে লাভ কৰিছিল এই তথ্য ৷ এই তথ্যৰ ভিত্তিতেই অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আৰম্ভ কৰে এক অভিযান । প্ৰথমে এগৰাকী আৰক্ষীয়ে গ্ৰাহকৰ ৰূপ লৈ নকল সোণ ক্ৰয়ৰ বাবে আলোচনা আৰম্ভ কৰে নকল সোণ ব্যৱসায়ীৰ সৈতে । সেই মতে শনিবাৰে প্ৰায় দুই কেজি ওজনৰ নকল সোণ বিক্ৰী কৰিবলৈ আহে দুই ব্যৱসায়ী ৷
নকল সোণ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালক পৰে অমিৰ হুছেইন আৰু আইজুল ইছলাম ৷ নগাঁৱৰ ম'হখুলিৰ পৰা আৰক্ষীয়ে আটক কৰে দুই ব্যৱসায়ীক ৷ লগতে দুই ব্যৱসায়ী পৰা নকল সোণ জব্দ কৰিবলৈও সক্ষম হয় । অধিক তথ্যৰ বাবে বৰ্তমানেও দুই নকল সোণ ব্যৱসায়ীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
লগতে পঢ়ক : চিপ লৈ থকা অৱস্থাত উদ্ধাৰ সৰুৰ মৃতদেহ; পৰিয়ালৰ মতে এয়া হত্যা !