ETV Bharat / state

ফাষ্টট্ৰেক আদালতত বটদ্ৰৱ কাণ্ডৰ তদন্ত চলোৱাৰ বাবে আবেদন নগাঁৱৰ আৰক্ষীৰ

author img

By

Published : Aug 13, 2022, 10:16 PM IST

আজি দাখিল কৰা হ’ল ৰাজ্য জোকাৰি যোৱা বটদ্ৰৱা কাণ্ডৰ চার্জশ্বিট (Nagaon police flies Charge sheet at Batadrava PS burning case)৷ শনিবাৰে নগাঁও আৰক্ষীয়ে আদালতত দাখিল কৰে এই অভিযোগনামা ৷ লগতে ফাষ্টট্ৰেক আদালতত এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে আবেদন জনাইছে নগাঁৱৰ আৰক্ষীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে ৷

Batadrava PS burning case
বটদ্ৰৱ কাণ্ডৰ চার্জশ্বিট দাখিল নগাঁও আৰক্ষীৰ

নগাঁও, 13 আগষ্ট : আজিও মাৰ যোৱা নাই নগাঁৱৰ বটদ্ৰৱা কাণ্ডৰ উত্তেজনা ৷ তিনি মাহ নৌহওঁতেই নগাঁও আদালতত ঘটনাৰ চার্জশ্বিট অৰ্থাৎ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে (Charge sheet in Batadrava PS burning case)। ইফালে ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবৰ বাবে আবেদন জনাইছে নগাঁৱৰ আৰক্ষীয়ে । আজি অৰ্থাৎ শনিবাৰে নগাঁৱত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে ৷

উল্লেখ্য যে, বিগত ১৯ জুলাইত নগাঁৱত অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (DIG) সত্যৰাজ হাজৰিকাই এক সংবাদমেলত সদৰী কৰিছিল যে, আৰক্ষীয়ে অহা ১৫ দিনৰ ভিতৰত প্ৰাৰম্ভিক অভিযোগনামা দাখিল কৰিব । সেই অনুসৰিয়েই অভিযোগ নামা দাখিল কৰাৰ কথা আজি আৰক্ষী অধীক্ষক লীনা দলে সদৰী কৰে (Nagaon police flies Charge sheet at Batadrava PS burning case)।

লগতে তেওঁ কয়, ‘‘ৰাজ্যৰ মাদ্ৰাছাসমূহৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে নিৰ্দেশ আহিছে । যাতে সন্দেহজনক লোকক দেখিলেই আৰক্ষীয়ে অভিযান চলাব পাৰে । বটদ্ৰৱা কাণ্ডৰ লগত যদি কোনো সম্পৰ্ক আমি পাও তেতিয়াহৱলে আমি অভিযোগনামা দিলেও তদন্ত চলাব পাৰো । আইনত তেনে ব্যৱস্থা আছে’’ ।

উক্ত সংবাদমেলতেই সাংবাদিকে দুস্কৃতিকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ সময়ত আৰক্ষী থানাখনত থকা আগ্নেয়াস্ত্ৰ নষ্ট হোৱাৰ প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ কয়, ‘‘আৰক্ষীয়ে বাজেয়াপ্ত কৰি আৰক্ষী থানাত ৰখা পিষ্টলকে ধৰি আগ্নেয়াস্ত্ৰৰ সঠিক হিচাব বৰ্তমানলৈকে নাই । কম্পিউটাৰত কিছু তথ্য সন্নিবিষ্ট আছে । অৱশ্যে আৰক্ষীৰ নিজৰ অস্ত্ৰৰ তথ্য আছে’’ ।

লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘‘বটদ্ৰৱা আৰক্ষী থানাখন পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী থানালৈ উন্নীত কৰাৰ বাবে আৰক্ষীৰ শীৰ্ষ কৰ্তৃপক্ষক ইতিমধ্যেই প্ৰস্তাৱ দিয়া হৈছে । আৰক্ষী থানাখন উন্নীত হ’ব বুলি আমি আশাবাদী’’ । তেওঁ লগতে কয়, ‘‘আৰক্ষী থানাখন অগ্নিদগ্ধ হওঁতে গোচৰৰ যিসমূহ নথিপত্ৰ জ্বলি গ'ল, সেইসমূহৰ আদালতৰ পৰা উদ্ধাৰৰ বাবে আবেদন জনাইছো ৷ বৰ্তমান উদ্ধাৰৰ প্ৰক্ৰিয়া চলি আছে’’ ।

তাৎপৰ্যপূৰ্ণ যে যোৱা, ২১ মে’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ নিৰাপত্তাৰ দায়িত্বত থকা বটদ্ৰৱা আৰক্ষী থানা দুস্কৃতিকাৰীয়ে জ্বলাই দিছিল । বটদ্ৰৱা থানাৰ ঘটনাৰ সম্পৰ্কত ২৫ জনক অভিযুক্ত কৰা হৈছে ৷ ইয়াৰে ১১ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন অভিযুক্তৰ মৃত্যু হৈছে ।

ঘটনাটোৰ মূল অভিযুক্ত মজিদা খাতুন মহিলাগৰাকীকে ধৰি বহুকেইজনক আৰক্ষীয়ে বৰ্তমানেও গ্ৰেপ্তাৰ কৰিব পৰা নাই ।

লগতে পঢ়ক : বটদ্ৰৱা কাণ্ডৰ অভিযোগনামা দাখিল নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.