ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী - ৰুফুল খান

নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী । অভিযুক্ত দুজনৰ ঘৰৰ পৰা চি আই ডিৰ দলে অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ । তাৰ পিচৰ পৰাই পলাতক হৈ আছিল অভিযুক্ত দুজন ৷

nagaon police arrested two accused drugs mafia in nagaon

author img

By

Published : Jun 11, 2020, 3:31 PM IST

নগাঁও, 11 জুনঃ নগাঁও আৰক্ষীয়ে আটক কৰিলে দীৰ্ঘদিনৰ পৰা পলাতক অৱস্থাত থকা দুই অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী ৷ বুধবাৰে নিশা নগাঁও আৰক্ষী চকীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনা আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত,এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ৷ নগাঁৱৰ মৰিকলং চাৰিখুটিত যোৱা ৮ মে'ত নগাঁও আৰক্ষীৰ সহযোগত চি আই ডিৰ এটা দলে অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷

নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী

কিন্তু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ থকা মূল অভিযুক্ত ৰুফুল খান আৰু জাকিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী ৷ দুই অভিযুক্ত ৰুফুল খান আৰু জাকিৰ হুছেইনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাই আছিল ৷ অৱশেষত গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই পলাতক অভিযুক্তক ৷

লগতে পঢ়কঃ বনবিভাগৰ অনুমতি অবিহনে চৰকাৰী বিষয়াই কাটিলে গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.