নগাঁও, 10 ডিচেম্বৰ : বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে চুৰি সামগ্ৰীসহ 8 জনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে, আৰক্ষীয়ে উদ্ধাৰ কৰে কম্পিউটাৰ, ইনভাৰ্টাৰসহ বহু সামগ্ৰী ৷ উল্লেখ্য যে, বিগত কিছুদিন পৰাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চোৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ আনকি, নগাঁও ট্ৰাইবেল সংঘৰ কাৰ্যালয়তো চাফাই অভিযান চলাইছিল চোৰৰ দলে । এই সন্দৰ্ভত ভুক্তভোগী ৰাইজে ৰুজু কৰিছিল গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ব্যক্তি কেইগৰাকীক ৷
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই প্ৰথমে নজৰুল ইছলাম নামৰ এজন ব্যক্তিক আটক কৰাৰ লগতে ট্ৰাইবেল সংঘৰ কাৰ্যালয়ৰ পৰা চুৰি হোৱা কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত ধৃত নজৰুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে নগাঁৱৰ কাতিমাৰী আৰু চলচলি অঞ্চলৰ পৰা 7 জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : বকলীয়াঘাটত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত