ৰূপহীহাট, 10 মে' : আৰক্ষীৰ জালত পৰিল দীৰ্ঘদিনে নগাঁঁৱত ডকাইতি সংঘটিত কৰি অহা দুটাকৈ ডকাইত ৷ শনিবাৰে নিশা জুৰীয়া আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ দলে চলোৱা যৌথ অভিযানত চতিয়ান গাঁৱৰ পৰা কৰায়ত্ব কৰা হয় ইৰ্শ্বাদ আলী আৰু ছাইফুল ইছলামক। ২০১৭ চনত জুৰীয়া আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নম্বৰ 607/17 u/s.148/326/307IPC অভিযোগত গ্ৰেপ্তাৰ কৰা হয় দুই ডকাইতক ।
উল্লেখ্য যে, উক্ত ডকাইত দুটা নগাওঁ জিলাত সংঘটিত কেইবাটাও ডকাইতি আৰু হত্যাকাণ্ডৰ লগত জড়িত আছিল । আৰক্ষীৰ কাৰণে মূৰৰ কামোৰণি হৈ পৰিছিল দুয়োটা ডকাইত । আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আটক কৰিবলৈ সক্ষম হয় এই ম’ষ্ট ৱান্টেড ডকাইত দুটাক ৷
লগতে পঢ়ক : দুই শিক্ষকৰ প্ৰচেষ্টাত লক্ ডাউনৰ মাজতে অব্যাহত আছে পাঠদান