নগাঁও,13 ফেব্ৰুৱাৰী: ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান নগাঁও আৰক্ষীৰ । নগাঁৱত নিচাজাতীয় ঔষধ, হেৰ'ইনসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী । বৃহস্পতিবাৰে নগাওঁ চহৰৰ বিভিন্ন স্থানত নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ তৎপৰাতত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে । পুৱাই নিচাজাতীয় ঔষধসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰাৰ পিছত দুপৰীয়া পুনৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন । নগাঁৱৰ ইছলামপট্টিৰ পৰা ২০ লক্ষাধিক টকাৰ হেৰ'ইনসহ আৰক্ষীয়ে আটক কৰে ছিলঙনিৰ খুৰচিদ আলী আৰু ভকতগাঁৱৰ মজিবুৰ ৰহমান নামৰ ড্ৰাগছ ব্যৱসায়ীক । বৰ্তমান আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:ভাৰত-চীন সীমান্তৰ মেচুকা-টুটিং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন ইষ্টাৰ্ন কামাণ্ডাৰ মুৰব্বীৰ