নগাঁও, ২৯ জুন: নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সোমবাৰে অভিযান চলাই পিষ্টলসহ আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক । নগাঁৱৰ ৰাইদঙীয়াৰ পৰা আৰক্ষীৰ দলটোৱে আটক কৰে তেজপুৰৰ মইনুল হক নামৰ অস্ত্ৰ সৰবৰাহকাৰীটোক ।
আটকাধীন সৰবৰাহকাৰীটোৰ পৰা বিক্ৰীৰ বাবে অনা এটা পইণ্ট টু টু পিষ্টলৰ লগতে পাঁচ জাই সজীৱ গুলীও আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ।