নগাঁও, 22 জুনঃ নগাঁৱত পুনৰ ভ্ৰমণ ইতিহাস নথকা এগৰাকী কিশোৰী কৰ'ণাত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে আতংকৰ। নগাঁৱৰ হুজ ৰঙাগড়াৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি নিশ্চিত হোৱাৰ পিছতেই হাহাকাৰ লাগিছে ৰাইজৰ লগতে নগাঁও আৰক্ষীতো । হুজ ৰঙাগড়াৰ কিশোৰীগৰাকীক এসপ্তাহ পূৰ্বে পলুৱাই নিছিল এজন যুৱকে। পিছত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিছিল। কিশোৰীগৰাকীক হয়বৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছিল নগাঁও ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । চিকিৎসালয়ত প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ লগতে কোভিড ১৯ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল স্বাৱ। দেওবাৰে নিশা কিশোৰীগৰাকী কোভিড১৯ত আক্ৰান্ত হোৱাৰ পিছতেই কিশোৰীগৰাকীক কোভিড হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ সাত গৰাকীকৈ আৰক্ষীৰ লগতে নগাঁও সদৰ আৰক্ষী থানাৰ চাৰিগৰাকীকৈ আৰক্ষীৰ স্বাৱ সংগ্ৰহৰ পিচত আইচ'লেশ্যন কৰা হৈছে।
কৰ'ণা ৰোগীক লৈ নগাঁৱত আতংকঃ ১১ জনকৈ আৰক্ষীক আইচ'লেশ্যন - কোৱাৰেণ্টাইন
ভ্ৰমণ ইতিহাস নথকা ৰোগীক লৈ নগাঁৱত আতংক। ১১ জনকৈ আৰক্ষীক কোৱাৰেণ্টাইন কৰি সংগ্ৰহ কৰা হৈছে স্বাৱ। নগাঁৱত গণ সংক্ৰমণৰ আশংকা।