নগাঁও, 23 জানুৱাৰী : পুনৰ আন এক হত্যাকাণ্ডই জোকাৰিছে নগাঁও চহৰ (Nagaon murder case)। নগাঁৱত পুনৰ সংঘটিত আন এক হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । দেওবাৰে নিশা নগাঁৱৰ বেলতলীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder case in Nagaon)।
ঘটনাৰ বিৱৰণি অনুসৰি দেওবাৰে সন্ধিয়া শিক্ষক আব্দুল মজিদ নিজৰ ভতিজাৰ এটা ইটাভাটাৰ পৰা ঘৰলৈ যোৱাৰ পিচত শিক্ষকগৰাকীৰ এটি পুৰণি ঘৰলৈ যায় । সেই সময়তেই শিক্ষক আব্দুল মজিদক কোনো অচিনাক্ত লোকে প্ৰথমে মাতি ঘৰৰ বাহিৰলৈ ওলাই আনে । তাৰ পিচতেই শিক্ষক আব্দুল মজিদক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে ।
অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰতভাৱে আহত হৈ অচেতন হৈ পৰে শিক্ষক আব্দুল মজিদ । কিছু সময় পিচতেই স্থানীয় লোক তথা পৰিয়ালৰ লোকে গম পাই শিক্ষকগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায় । কিন্তু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে নিশাই মৃত বুলি ঘোষণা কৰে শিক্ষক আব্দুল মজিদক ।
নগাঁৱৰ ৰোমাৰীৰ 714 নং বৰপেটা বালিকা মুক্তাৱ বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষক আব্দুল মজিদক নৃশংসভাৱে হত্যা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । ভতিজাকৰ SN নামৰ ইটাভাটাৰ সৈতেও জড়িত শিক্ষক আব্দুল মজিদক কোনে কি উদ্দেশ্যত হত্যা কৰিলে সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ।
শিক্ষকক হত্যা কৰা ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে হত্যাকাণ্ডক লৈ অনুসন্ধান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । অৱশ্যে এই বাতৰি যুগুত কৰালৈকে হত্যাকাণ্ডত জড়িত কোনো এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষীয়ে । সমাজৰ বিভিন্ন কাম কাজত জড়িত থকা শিক্ষক আব্দুল মজিদক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক ।
শিক্ষকগৰাকীৰ হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তক অতি শীগ্ৰে চিনাক্ত কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে । অৱশ্যে এই পৰ্যন্ত হত্যাকাণ্ড সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।
উল্লেখযোগ্য যে, দুৰ্বৃত্তই হত্যা কৰা শিক্ষক আব্দুল মজিদৰ পত্নীও এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী । এতিয়া শিক্ষক হত্যাৰ ক্লু বিচাৰি অভিযানো আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।
লগতে পঢ়ক : Road Accidents in Kerala: কেৰালাৰ পথ দুৰ্ঘটনাত নিহত 5 যুৱক