ETV Bharat / state

নগাঁৱত লিখিত পৰীক্ষাৰ নামত চাকৰি প্ৰত্যাশীক হাৰাশাস্তি

author img

By

Published : Feb 7, 2021, 6:05 PM IST

নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সহায়ক পদৰ লিখিত পৰীক্ষাৰ নামত চাকৰি প্ৰত্যাশীক হাৰাশাস্তিৰ অভিযোগ ৷ কলিং লেটাৰত উল্লেখ কৰা মতেই লিখিত পৰীক্ষা দিবলৈ আহি ঘন্টা ঘন্টা অপেক্ষা প্ৰাৰ্থীৰ ৷

as_ngn_01_7fbr_lda_flop_exam_vis+bite_7203829
নগাঁৱত লিখিত পৰীক্ষাৰ নামত চাকৰি প্ৰত্যাশীক হাৰাশাস্তি

নগাঁও,7 ফেব্ৰুৱাৰী: নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সহায়ক পদৰ লিখিত পৰীক্ষাৰ নামত ভেকোভাঁওনা ৷ পৰীক্ষা দিবলৈ আহি হতাশ চাকৰি প্ৰত্যাশী ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে ২০১৮ চনৰ জুলাই মাহতে প্ৰকাশ কৰিছিল সহায়ক পদৰ নিযুক্তিৰ বিজ্ঞাপন । ২০১৮ চনতে সহায়ক পদৰ বাবে আবেদন কৰিছিল বহুকেইগৰাকী শিক্ষিত যুৱক-যুৱতীয়ে । সেই মতে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে ইতিমধ্যে লাভ কৰিছে লিখিত পৰীক্ষাৰ কলিং লেটাৰ ।

কলিং লেটাৰত উল্লেখ কৰা মতেই লিখিত পৰীক্ষা দিবলৈ দেওবাৰে নগাঁও চৰকাৰী বালক বিদ্যালয়ত উপস্থিত হয় প্ৰাৰ্থীসকল । কিন্তু বিদ্যালয়নত লিখিত পৰীক্ষাৰ বাবে কোনো আয়োজন দেখা নাপাই হতাশ আৰু ক্ষোভিত হৈ পৰে চাকৰি প্ৰাৰ্থীসকল । যি সময়ত এটা চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰিছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে । সেই সময়তেই নগাঁও আইন সেৱা প্ৰাধিকৰণৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডই চিন্তিত কৰি তুলিছে সকলোকে ৷

লগতে পঢ়ক-মোদীৰ সভাৰ পিছতে ভোটপাৰাত তীব্ৰ যানজঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.