ETV Bharat / state

নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ সাতজন আহত

author img

By

Published : Mar 11, 2020, 2:03 PM IST

Updated : Mar 11, 2020, 2:12 PM IST

নগাঁৱৰ কচুৱাত ভূমিকেন্দ্ৰীক সংঘাতত মহিলাসহ সাতজন আহত। আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ।

নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ সাতজন আহত
নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ সাতজন আহত

নগাঁও, 11 মাৰ্চঃ ভূমিকেন্দ্ৰিক সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিলে নগাঁৱৰ কচুৱাত। মাদ্ৰাছাৰ ভূমি দখলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘাতৰ। দুই ফৈদৰ অৰ্ধশতাধিক লোকৰ মাজত সংঘটিত হয় এই সংঘাতৰ ঘটনা। ইয়াৰে একাংশই দা,কোঠাৰ লৈ আক্ৰমণ কৰাত এটা পক্ষৰ সাতজনকৈ লোক গুৰুতৰভাৱে আহত হয়। মহিলাসহ আহত আটাইকেইজনকে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত আৰক্ষী, চি আৰ পি এফ নিয়োগ কৰিছে নগাওঁ জিলা প্ৰশাসনে। ইপিনে স্থানীয় আৰক্ষীয়ে এই ঘটনাৰ এজাহাৰ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ বিৰুদ্ধে মাৰপিট কৰিবলৈ উচটনি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আহতৰ পৰিয়ালৰ লোকে ।

ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ সাতজন আহত
লগতে চাওকঃ

কালৰ গৰাহত দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত এটি বৌদ্ধ স্তুপ

Last Updated : Mar 11, 2020, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.