ETV Bharat / state

টাইকোৱাণ্ডোত উজলিছে নগাঁৱৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী চাঞ্চি

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:09 PM IST

Sanchi Chouhan success story : বছৰৰ প্ৰথম দিনটোতেই এটা ইতিবাচক খবৰ । নগাঁৱৰ এটা ভিতৰুৱা অঞ্চলৰ এটি কণমানি উজলি উঠিছে অসম ভিত্তিত অনুষ্ঠিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত ।

টাইকোৱাণ্ডোত উজলিছে নগাঁৱৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী চাঞ্চি
টাইকোৱাণ্ডোত উজলিছে নগাঁৱৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী চাঞ্চি

টাইকোৱাণ্ডোত সফলতা নগাঁৱৰ চাঞ্চি চৌহানৰ

নগাঁও, ১ জানুৱাৰী : দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এটি শিশুৱে টাইকোৱাণ্ডো প্ৰতিযোগিতাত তিনিটাকৈ পদক লাভেৰে গৌৰৱান্বিত কৰিছে সমগ্ৰ নগাঁওবাসীক । তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত সোণ, ৰূপৰ লগতে ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে শিশুটিয়ে । ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতেই আহিছে এই ভাল খবৰ । অসম ভিত্তিত আয়োজিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত উজলি উঠিছে নগাঁৱৰ ভিতৰুৱা অঞ্চল জুৰীয়াৰ এই কণমানিটি ।

এই ভাল খবৰটিয়ে জুৰীয়াবাসীৰ লগতে সমগ্ৰ নগাঁওবাসীকে গৌৰৱান্বিত কৰি তুলিছে । নগাঁও জিলাৰ জুৰীয়াৰ অতি ভিতৰুৱা সুঁতিৰপাৰ অঞ্চলৰ এই কণমানিটিৰ নাম হৈছে চাঞ্চি চৌহান । দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত চাঞ্চি চৌহান । সুঁতিৰপাৰ অঞ্চলৰ প্ৰেমচান্দ চৌহানৰ কন্যা চাঞ্চি চৌহানে সদৌ অসম ভিত্তিত অনুষ্ঠিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত নিজকে উজলাই তুলিবলৈ সক্ষম হৈছে ।

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত অসম ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কণমানি চাঞ্চি চৌহানে । তিনিটা পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত তিনিটাকৈ পদক অৰ্জন কৰি জুৰীয়াৰ লগতে সমগ্ৰ নগাঁওবাসীকেই গৌৰৱান্বিত কৰি তোলে কণমানি চাঞ্চি চৌহনে । তিনিটা পৰ্যায়ৰ প্ৰতিযোগিতাখনত এটাত সোণৰ পদক অৰ্জন কৰাৰ লগতে এটাত ৰূপ আৰু আন এটাত ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে চাঞ্চি চৌহানে ।

আনহাতে, চাঞ্চি চৌহানৰ এনে সাফল্যত এতিয়া তেওঁৰ পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ জুৰীয়াবাসী । উল্লেখ্য যে মাত্ৰ ডেৰ বছৰ অনুশীলনৰ অন্ততেই অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত সাফল্য অর্জন কৰা চাঞ্চি চৌহানে প্ৰশিক্ষকৰ লগতে পিতৃ-মাতৃক কৃতজ্ঞতা জ্ঞাপন কৰে । মাত্ৰ ৬ বছৰ বয়সতেই অসম ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা চাঞ্চি চৌহানৰ উজ্জ্বল ভৱিষ্যৎ সকলোৱে কামনা কৰিছে ।

লগতে পঢ়ক :ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এটা সাংবাদিক দম্পতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.