নগাঁও,20 নৱেম্বৰঃ বুধবাৰে নগাঁও আৰক্ষীয়ে আটক কৰে ইটিভি ভাৰতৰ সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত গাওঁবুঢ়া অনিল দাসক । গণ প্ৰহাৰৰ বাতৰি সংগ্ৰহ কৰা সাংবাদিকক আক্ৰমণ কৰিছিল একাংশ উদণ্ড লোকে। স্থানীয় গাওঁবুঢ়া অনিল দাসৰ প্ৰত্যক্ষ উচটনিত হৈছিল সাংবাদিক আক্ৰমণ। দেওবাৰে নগাঁৱৰ মাজৰআটি চাৰিআলিত সংঘটিত হৈছিল গণ প্ৰহাৰৰ ঘটনা আৰু সেই সেইদিনাই ইটিভি ভাৰতৰ সাংবাদিকক প্ৰহাৰ কৰিছিল একাংশ লোকে ৷
![vna](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-804-20nov-anil-das-arrested-visbite-7203829_20112019210550_2011f_1574264150_110.jpg)