বঢ়মপুৰ, 18 জানুৱাৰী : বিহু শেষ হোৱা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ চৰকাৰীভাৱে কাৰ্যালয় খোলা হৈছে যদিও একাংশ চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়লৈ নহাৰ অভিযোগ উত্থাপন হৈছে ৷ নগাঁও জিলাৰ কামপুৰত সংঘটিত হৈছে এনে এক অনুৰূপ ঘটনা ৷ দিনৰ 1 বজালৈ চৰকাৰী কাৰ্যালয়ত তলা ওলমি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
অভিযোগ অনুসৰি, কামপুৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত দিনৰ 1 বজালৈ কোনো ধৰণৰ চৰকাৰী কৰ্মচাৰী উপস্থিত হোৱা নাই ৷ আনহাতে, শনিবাৰেও কাৰ্যালয়তো বন্ধ থকাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰবাবে মাটি পঞ্জীয়ন কৰিবলৈ অহা বহু লোকে উভতি যাবলগীয়া হৈছে কাৰ্যালয়ৰ পৰা ৷
লগতে পঢ়ক : মেধিৰটাৰীত অনুষ্ঠিত মাঘ বিহু মেলা বাতিলৰ নিৰ্দেশ জিলা প্ৰশাসনৰ