ETV Bharat / state

Surnandan Bharati art competition : সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নগাঁৱৰ নির্মালী

author img

By

Published : Dec 10, 2022, 5:25 PM IST

সৰ্বভাৰতীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত সোণৰ পদক অর্জন কৰিলে নগাঁৱৰ নির্মালী দাসে (Nagaon girl won gold at All India level drawing)। গায়ন-বায়নেৰে চিত্ৰশিল্পীগৰাকী আদৰণি জনালে বিভিন্নজনে । বিধায়ক ৰূপক শর্মাইয়ো সম্বৰ্ধনা জনালে চিত্ৰশিল্পীগৰাকীক ।

Nagaon
সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নগাঁৱৰ নির্মালী

নগাঁও,১০ ডিচেম্বৰ : ভাৰতৰ লগতে বিদেশতো অসমৰ যুৱক-যুৱতীৰ সফলতা অৰ্জনৰ ধাৰা অব্যাহত আছে । সাহিত্য, ক্ৰীড়া, বিজ্ঞান সকলো দিশত অসমৰ নাম উজলাইছে বহু যুৱক-যুৱতীয়ে । বাকী জিলাসমূহৰ লগতে নগাঁও জিলাখনৰো নাম উজলাইছে বহু নগাঁৱৰ সন্তানে । ইয়াৰ মাজতে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল আন এগৰাকী নগাঁৱৰ যুৱতী । এইবাৰ সৰ্বভাৰতীয় চিত্ৰ অংকন প্ৰতিযোগিতাত সফলতা লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে বেবেজীয়াৰ নির্মালী দাসে (Nagaon girl won gold medal in Drawing competition)। নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্মালী দাসে চিত্ৰ অংকনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে সোণৰ পদক ।

প্ৰত্যেক বছৰে সুৰনন্দন ভাৰতীয়ে (Surnandan Bharati) অনুষ্ঠিত কৰা এই বিশেষ প্ৰতিযোগিতাত ২০২১-২২ বৰ্ষৰ বাবে নগাঁৱৰ বেবেজীয়াৰ মিণ্টু দাস আৰু মিঠু দাসৰ কন্যা নিৰ্মালীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । যোৱা ৪ ডিচেম্বৰত কলকাতাৰ জ্ঞান মঞ্চত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত উদীয়মান চিত্ৰশিল্পীগৰাকীক সোণৰ পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

ইতিমধ্যে কলকতাৰ পৰা আহি ওপজা ভূমি নগাঁৱৰ বেবেজীয়াত উপস্থিত হোৱা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা চিত্ৰ অংকনত সৰ্বভাৰতীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা নির্মালী দাসক গায়ন-বায়নেৰে আদৰণি জনোৱা হয় (Nagaon girl won gold at All India level drawing)।

এই উপলক্ষে বেবেজীয়া প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠানৰ । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁতধৰা এই অনুষ্ঠানতে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে নিৰ্মালী দাসক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে । অংকনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা নির্মালী দাসক নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাইয়ো সম্বৰ্ধনা জ্ঞাপন কৰে (MLA felicitates talented artist of Nagaon)। ইফালে নিৰ্মালীৰ এই সফলতাত আনন্দিত তেওঁৰ পৰিয়াল আৰু স্থানীয় লোকসকল । যুৱতীগৰাকীৰ এই সফলতাক লৈ গৌৰৱান্বিত নগাঁওবাসী ।

লগতে পঢ়ক :Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.