নগাঁও, ১৪ জুন : নগাঁও চহৰৰ পানীগাঁও ছয় আলিৰ নিবাসী তথা সুদক্ষ ক্ৰিকেট খেলুৱৈ অভিনৱ বৰা ওৰফে বাবাৰ দেওবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত মৃত্যু হয় । দীৰ্ঘদিন ধৰি অসুস্থ হৈ বহিঃৰাজ্যত চিকিৎসাৰ পিছত কিছু সুস্থ হৈ ঘৰলৈ উভতি আহিছিল খেলুৱৈ গৰাকী ।
শেহতীয়াকৈ বৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ গুৱাহাটীত আৰু নগাঁৱৰ জি ডি নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় খেলুৱৈ গৰাকীয়ে।
একালত গুৱাহাটীৰ পৰা প্ৰকাশিত "দৈনিক জনসাধাৰণ" কাকতৰ প্ৰকাশকৰ দায়িত্বও পালন কৰিছিল খেলুৱৈ গৰাকীয়ে । লগতে, দীৰ্ঘদিন নগাঁও ক্ৰীড়া সংস্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে অভিনৱ বৰাই এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈ হিচাপে পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হৈছিল ।
![Nagaon Former cricketer Abhinab bora passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10:00_as-ngn-803-14jn-cricket-player-death-7203829_14062020212729_1406f_1592150249_309.jpg)
তেওঁৰ মৃত্যুত স্থানীয় বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে গভীৰ শোঁক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এটি ১৩ বছৰীয়া পুত্ৰক এৰি থৈ যায় ।