ETV Bharat / state

আইতাৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি ! - অকল্পনীয় যন্ত্ৰণা

এক অবৰ্ণনীয় পৰিবেশত জীৱন কটোৱা আইতাৰ মুখত হাঁহি। আইতাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু হৃদয়বান লোক । চাৰিবছৰ দুখ-সুখ একাকাৰ কৰি কটোৱা আইতাই যেন বিচাৰি পালে সুখৰ সংজ্ঞা ৷

nagaon elderly women got healp from several kind heart.

author img

By

Published : May 5, 2020, 8:55 PM IST

নগাঁও, 5 মে' : নগাঁৱৰ বঢ়মপুৰৰ জৰাজীৰ্ণ চালিৰ তলত জীৱন কটোৱা আইতাগৰাকীৰ মুখত আজি হাঁহি বিৰিঙিছে । কাৰণ সেই ভঙা জুপুৰীত আৰু থাকিব নালাগে এইগৰাকী আইতা । কালিলৈকে এক অবৰ্ণনীয় পৰিৱেশত জীৱন অতিবাহিত কৰিছিল বঢ়মপুৰৰ বামুনী গাওঁ পঞ্চায়তৰ ধনতোলা গাঁৱৰ পুতুমাই ঘাটোৱাল নামৰ ৯০ উৰ্ধৰ এইগৰাকী আইতাই। বতাহ-বৰষুণকো নেওচি ভঙা চালিখনৰ তলত বসবাস কৰা আইতা আৰু এতিয়া কষ্টত থাকিব নালাগে ।

এইগৰাকী আইতাৰ কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে অৱগত হোৱাৰ পিচতেই আইতাগৰাকীৰ কাষত উপস্থিত হয় বিভিন্নজন। এক অকল্পনীয় যন্ত্ৰণাৰ মাজেৰে জীৱন অতিবাহিত কৰা আইতাগৰাকীৰ কাষত মঙলবাৰে উপস্থিত হয় সমষ্টিটোৰ কংগ্ৰেছ নেতা তথা সমাজকৰ্মী সুৰেশ বৰা। প্ৰথমেই আৰম্ভ এটি গৃহ নিৰ্মাণৰ কাম । গৃহটো নিৰ্মাণ কৰাত সহায়ৰ হাত আগবঢ়ায় কংগ্ৰেছ নেতাগৰাকীয়ে ।

আইতাৰ মুখত বিৰিঙিল সুখ প্ৰাপ্তিৰ হাঁহি !

আনহাতে, আইতাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিল আন বহুতো সু-হৃদয়বান লোক । উপস্থিত হ'ল চিকিৎসা কৰ্মীৰো এটা দল । ঘৰতে আৰম্ভ কৰিলে চিকিৎসা। লগতে পুৰণিগুদাম আৰক্ষী, নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী সচিব মনালিচা দাস, পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্ধ আইনী সহায়ক তুলু বৰা, দীপেন শইকীয়া, বিতোপন কোঁৱৰৰ লগতে শেহতীয়াকৈ বামুনী গাওঁ পঞ্চায়তৰ বিষয়ববীয়া বৃদ্ধা গৰাকীৰ কাষত উপস্থিত হয় । লগতে কেইবাগৰাকীও সু-হৃদয়বান লোকে তেখেতক খাদ্য-সামগ্ৰীও প্ৰদান কৰে । চাৰিবছৰ দুখ-সুখ একাকাৰ কৰি কটোৱা আইতাই যেন বিচাৰি পালে সুখৰ সংজ্ঞা ৷

লগতে পঢ়ক : জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.