ETV Bharat / state

Preparation for flood: সাম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু নগাঁও জিলা প্ৰশাসন - Flood in Assam

আগন্তুক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন । সাহায্য় শিবিৰ, আশ্ৰয় শিবিৰত শিশু আৰু মহিলাৰ যত্নৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (Nagaon district administration Preparation) ।

Nagaon district administration Preparation
সাম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু নগাঁও জিলা প্ৰশাসন
author img

By

Published : May 10, 2023, 10:07 PM IST

নগাঁও,১০ মে': সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন (Nagaon district administration) । নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ তৎপৰতাত আগন্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভাগসমূহে ল'বলগীয়া প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আগন্তুক বাৰিষা আৰু সম্ভাৱ্য বান পৰিস্থিতি ২০২৩ ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে (Preparation for flood situation) ।

প্ৰস্তুতিৰ অংশ হিচাপে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নগাঁৱে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বুধবাৰৰ পৰা নগাঁও জিলা পৰিষদৰ সভা কক্ষত “জৰুৰীকালীন অৱস্থাত সাহায্য শিবিৰ আৰু অস্থায়ী আশ্ৰয় শিবিৰত শিশু আৰু মহিলাৰ যত্ন”ৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ ও কৰ্মশালাৰ আয়োজন কৰে (Nagaon district administration Preparation) ।

Nagaon district administration Preparation
সাম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু নগাঁও জিলা প্ৰশাসন

এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা ডি ডি এম এ ৰ CEO দেবহুতি বৰাই । জিলাখনৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ বিভিন্ন আইচিডিএছ প্ৰকল্পৰ ৫০ গৰাকী অংগনবাড়ী কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত মূলতঃ বান পৰিস্থিতিৰ ওপৰত বিশেষ হেঁচা প্ৰদান কৰি জৰুৰীকালীন অৱস্থাত সাহায্য শিবিৰ আৰু অস্থায়ী আশ্ৰয় শিবিৰত থকা মহিলা আৰু শিশুসকলৰ বাবে বিশেষ যত্ন আৰু প্ৰয়োজনীয় পদক্ষেপ, ব্যৱস্থা আৰু সাৱধানতাৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় (Flood in Assam) ।

এই দুদিনীয়া কাৰ্যসূচীৰ বাবে তিনিজন সমল ব্যক্তি ক্ৰমে সমাজ কল্যাণ বিভাগৰ এছ.আৰ মহন্তই মহিলা আৰু শিশুকেন্দ্ৰিক জৰুৰীকালীন প্ৰস্তুতি বুজি পোৱা আৰু ঋতুস্ৰাৱৰ সুবিধা, দুগ্ধপান কৰোৱা মাতৃ, গৰ্ভৱতী মহিলাৰ বাবে সুবিধা, দৈনন্দিন ভাৱে আৰু নিয়মীয়াকৈ অব্যাহত ৰখাকে ধৰি লিংগভিত্তিক দৃষ্টিকোণৰ পৰা সাহায্যৰ কাম চোৱাৰ সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলক সংবেদনশীল কৰি তুলিব ।

আন গৰাকী সমল ব্যক্তি সমাজ কল্যাণ বিভাগৰ চি ডি পি অ' ভূপেন ভট্টাচাৰ্যই দুৰ্যোগ, পুষ্টিহীনতাৰ সৈতে মোকাবিলা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াত আইচিডিএছৰ ভূমিকা সম্পৰ্কে অংশগ্ৰহণকাৰীসকলক জ্ঞান প্ৰদান কৰে ।

আনহাতে, বৃহস্পতিবাৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকি নগাঁৱৰ ডিডিএমএৰ ডি পি অ’ বিজয়ন্ত গোস্বামীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ প্ৰক্ৰিয়া আৰু ৰূপায়ণৰ ওপৰত তথ্য প্ৰদান কৰিব । উল্লেখযোগ্য যে, বুধবাৰৰ নগাঁও জিলা পৰিষদ সভা কক্ষত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ বৃহস্পতিবাৰে সামৰণি পৰিব ।

লগতে পঢ়ক: Murder case: নিজ ভাতৃক হাতুৰীৰে কোবাই নৃশংস হত্যা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.