ETV Bharat / state

Meeting on flood preparation in Nagaon: ২০২৩ বৰ্ষৰ বান পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ বৈঠক - preparedness for flood situation

নগাঁও জিলা প্ৰশাসনৰ দ্বাৰা ২০২৩ বৰ্ষৰ বাবে জিলাখনৰ বান প্ৰস্তুতিৰ বিষয়ে বৈঠক অনুষ্ঠিত । নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত অনুষ্ঠিত এই বৈঠকত বানৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস কৰাৰ লগতে বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয় ৷

2023 flood preparation of Nagaon discussed by Nagaon District Administration
নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত বৈঠক
author img

By

Published : Feb 22, 2023, 11:01 PM IST

নগাঁও, 22 ফেব্ৰুৱাৰী: ২০২৩ বৰ্ষৰ বাবে নগাঁও জিলাৰ বান প্ৰস্তুতি সন্দৰ্ভত আজি নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলাখনৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় (Nagaon DC Narendra Kr Shah) ।

যিহেতু বাৰিষা কালত বানৰ ফলত বিস্তৰ ক্ষতি সাধন হয় জনসাধাৰণৰ ৷ সেয়েহে, বানৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস কৰিবলৈ অনুষ্ঠিত হয় এই বৈঠক (Nagaon District Administration meeting) ৷ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকখনত ভৱিষ্যতে বানৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস কৰাৰ বাবে ইতিমধ্যে হাতত লোৱা তথা প্ৰয়োজন হ’ব পৰা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় (2023 flood preparation By Nagaon Administration) ৷

বৈঠকত বান সাহাৰ্য শিবিৰৰ উপলব্ধতা, সাহাৰ্য শিবিৰত খোৱা পানী, শৌচালয়ৰ উপলব্ধতা, বিদ্যুৎ সংযোগ আদি বিষয়ৰ আলোচনা কৰা হয় । স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক প্ৰয়োজনীয় ঔষধৰ সৈতে সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় । অন্যান্য প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা যেনে, লাইফ জেকেট, ৰবৰৰ নাও, প্ৰশিক্ষিত স্বেচ্ছাসেৱকসকলৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় ।

লগতে পঢ়ক: JP Nadda Appreciated Modi: মোডীৰ অধীনত কঠোৰ সিদ্ধান্ত ল'বলৈ ভাৰতে কুণ্ঠাবোধ নকৰে; জে পি নাড্ডা

উপায়ুক্ত গৰাকীয়ে বানৰ সময়ত বিতৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য খাদ্য সামগ্ৰী উপলব্ধ ৰখাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে । ইয়াৰ লগতে বৈঠকত পশুখাদ্য আৰু টিকাকৰণৰ বিষয়েও আলোচনা কৰা হয় । বৈঠকত আন বহুতো সম্পৰ্কিত বিষয়ৰ লগতে বানৰ সময়ত গৰ্ভৱতী মহিলা, স্তনপান কৰাই থকা মাতৃ আৰু নৱজাতক শিশুসকলৰ সমস্যা দূৰ কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰা হয় (Meeting on 2023 flood preparation in Nagaon)।

বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত সকলোকে বানৰ সময়ত সক্ৰিয় হৈ থকাৰ লগতে বানৰ পাচত বানপীড়িত সকলৰ পুনঃসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান সংশ্লিষ্ট বিভাগৰ মুৰব্বীসকলক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । বৈঠকত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা, ডিডিএমএৰ সদস্য আৰু জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Assam cabinet decisions: উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ সমপৰ্যায়ৰ কৰা হ’ল পলিটেকনিক ডিপ্ল’মাৰ পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.