নগাঁও,30জুলাইঃ নগাঁও জিলা ছাত্ৰ সন্থাই আয়োজন কৰা অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত মঙলবাৰে প্ৰশিক্ষকৰ ৰূপত দেখা গ'ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান তথা সাহিত্যিক কুলধৰ শইকীয়াই ছাত্ৰ-ছাত্ৰীক জীৱনত সফলতা অৰ্জন কৰাৰ বহুতো গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে অৱগত কৰে । লগতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানতকৈ প্ৰতিভাক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। ইপিনে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। উল্লেখ্য যে ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথ,নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষকৰ ৰূপত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া - DGP
ভাৰতীয় অসামৰিক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষকৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান সঞ্চালক প্ৰধানগৰাকীৰ । ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথ,নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ অংশগ্ৰহণ ।
![প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষকৰ ৰূপত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3993439-thumbnail-3x2-k.jpg?imwidth=3840)
নগাঁও,30জুলাইঃ নগাঁও জিলা ছাত্ৰ সন্থাই আয়োজন কৰা অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত মঙলবাৰে প্ৰশিক্ষকৰ ৰূপত দেখা গ'ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান তথা সাহিত্যিক কুলধৰ শইকীয়াই ছাত্ৰ-ছাত্ৰীক জীৱনত সফলতা অৰ্জন কৰাৰ বহুতো গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে অৱগত কৰে । লগতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানতকৈ প্ৰতিভাক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। ইপিনে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। উল্লেখ্য যে ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথ,নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে অংশগ্ৰহণ কৰে।
Body:নগাওঁ জিলা ছাত্ৰ সন্থাই আয়োজন কৰা অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ। মঙলবাৰে প্ৰশিক্ষকৰ ৰূপত দেখা গল অসম আৰক্ষীৰ শীৰ্ষ বিষয়গৰাকীক। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান তথা সাহিত্যিক ডঃ কুলধৰ শইকীয়াই ছাত্ৰ ছাত্ৰীক দিলে জীৱনত সফলতা অৰ্জন কৰাৰ বহু গুৰুত্বপূৰ্ণ টিপছ। ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানতকৈ প্ৰতিভাক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। গুগল, এমাজন আদি বহুজাতিক কোম্পানীয়ে গুৰুত্ব দিয়ে সমস্যা সমাধানৰ ওপৰত।
bite. ভাষণ
vo. অধ্যয়নৰ নামত নিশা ফেচবুক ৱাটছ এপ ত ব্যস্ত নাথাকিবলৈও আৰক্ষী সঞ্চালক প্ৰধানে পৰামৰ্শ আগবঢ়ায় উপস্থিত ছাত্ৰ ছাত্ৰীক।
bite, ভাষণ
vo. গুগলৰ দৰে কোম্পানীয়ে নতুন নতুন সমস্যা কিদৰে নতুন পদ্ধতিৰে সমাধান কৰাৰ প্ৰতি গুৰুত্ব দিয়া বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰীক দিয়ে আৰু বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ।
bite. ভাষণ
vo. উপস্থিত ছাত্ৰ ছাত্ৰীক সামাজিক দায়বদ্ধতাক গুৰুত্ব দিবলৈও পৰামৰ্শ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।
bite
Conclusion:ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথ, নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধি।
-------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ ই টি ভি ভাৰত অসম
৩০-৭-১৯