নগাঁও, 7 চেপ্তেম্বৰঃ নগাঁৱত চি পি আই এম এলৰ সংবাদ মেল। অসমৰ এন আৰ চি আৰু কাশ্মীৰ সন্দৰ্ভত মন্তব্য চি পি আই এম এলৰ কেন্দ্ৰীয় নেতা দীপাংকৰ ভট্টাচাৰ্যই এক সংবাদমেল সম্বোধন কৰে শুকুৰবাৰে। এই সংবাদ মেলত কয় যে দেশৰ অন্য ৰাজ্যত প্ৰয়োজন নাই এন আৰ চিৰ। আনহাতে ডিটেনশ্যন কেম্প গণতন্ত্ৰক হত্যা কৰা গৃহ বুলিও মন্তব্য কৰে নেতাজনে।
- অসমত এন আৰ চিৰ পুনৰীক্ষণৰো কোনো প্ৰয়োজন নাই।
- এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকক ন্যায় দিব লাগে।
- দেশৰ অন্য ৰাজ্যত এন আৰ চি ৰ কোনো প্ৰয়োজন নাই ।
শুকুৰবাৰে নগাওঁ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এইদৰে মন্তব্য কৰে চি পি আই এম এলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দীপাংকৰ ভট্টাচাৰ্যই । দেশৰ অইন ৰাজ্যত এন আৰ চি প্ৰস্তুত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আদি বিজেপিৰ নিজা কাৰ্যসূচী বুলিও মন্তব্য কৰে ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে।