ETV Bharat / state

আদালতত নাকচ অভি-নীল হত্যাৰ অভিযুক্তৰ নাবালকৰ প্ৰমানপত্ৰ

author img

By

Published : Jan 27, 2020, 6:38 PM IST

অভি-নীল হত্যাকাণ্ডৰ অভিযুক্ত পক্ষই এজন অভিযুক্তক নাবালক সজাই গোচৰৰ পৰা ৰেহাই দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু সোমবাৰে নগাঁও আদালতে নাকচ কৰে নাবালকৰ প্ৰমাণ পত্ৰ দিয়া আবেদন ৷

Nagaon Court rejects Abhi-Nil murder accuse minor cirtificate
আদালতত নাকচ অভি-নীল হত্যাৰ অভিযুক্তৰ নাবালকৰ প্ৰমানপত্ৰ

নগাঁও,27 জানুৱাৰীঃ সমগ্ৰ দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ নগাওঁ আদালতত চলি থকা গোচৰৰ সোমবাৰে গ্ৰহণ কৰা হয় আন এক শুনানি ৷ অভিযুক্ত পক্ষই এজন অভিযুক্তক নাবালক সজাই গোচৰৰ পৰা ৰেহাই দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু সোমবাৰে নগাঁও আদালতে নাকচ কৰে নাবালকৰ প্ৰমাণ পত্ৰ দিয়া আৱেদন ৷ আনহাতে ঘটনাত অভিযুক্ত সকলক নাবালক সজাই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ যি একপ্ৰকাৰ হতাশ কৰি তুলিছে ভূক্তভোগী পৰিয়াল দুটাক ৷

নিলোৎপল দাসৰ পিতৃৰ ভাষ্য

উল্লেখযোগ্য যে, নীল-অভি স্মৃতিৰক্ষা সমিতি, জাষ্টিচ ফৰাম আৰু সেৱা নামৰ তিনি অনুষ্ঠানে এতিয়াৰ পৰা প্ৰতিটো শুনানিত উপস্থিত থাকি গোচৰ সন্দৰ্ভত অসমবাসীক অৱগত কৰিব ৷ আনহাতে, নগাঁও আদালতে গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 18 ফেব্ৰুৱাৰী ধাৰ্য কৰে ৷

অভিজিত নাথৰ পিতৃৰ ভাষ্য

লগতে পঢ়ক-ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

Intro:নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি। ভুৱা প্ৰমাণ পত্ৰৰে অভিযুক্তক নাবলক সজোৱাৰ চেষ্টা। আদালতে নাকচ কৰিলে নাবাকৰ প্ৰমাণ পত্ৰ। গোচৰ লেহেমীয়া হোৱাৰ অভিযোগ। পৰৱৰ্তী শুনানি ১৭ ফেব্ৰুৱাৰীত।

Body:নগাওঁ আদালতত চলি থকা দেশ কপোৱা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ সোমবাৰে আদালতে গ্ৰহণ কৰে আন এটা শুনানি। অভিযুক্ত পক্ষই এটা অভিযুক্তক নাবালক সজাই গোচৰৰ পৰা ৰেহাই কৰোৱা চেষ্টা চলাইছিল যদিও সোমবাৰে নগাওঁ আদালতে নাকচ কৰে নাবালকৰ প্ৰমাণ পত্ৰ দিয়া আবেদন। এটাৰ পিছত এটা অভিযুক্তক নাবালক সজাই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে। বিচাৰপ্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাত হতাহগ্ৰস্ত হৈছে নীল অভিৰ পৰিয়াল। ক্ষিপ্ৰতাৰে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে ন্যায়পালিকাক অনুৰোধ জনালে ভুক্তভোগী পৰিয়াল দুটাই। ইপিনে নীল ,অভি স্মৃতিৰক্ষা সমিতি, জাষ্টিচ ফৰাম আৰু সেৱা নামৰ তিনি অনুষ্ঠানে এতিয়াৰ পৰা প্ৰতিটো শুনানিত উপস্থিত থাকি অসমবাসীক অৱগত কৰিব গোচৰ সন্দৰ্ভত।
উল্লেখযোগ্য যে প্ৰায় ডেৰ বছৰ পূৰ্বে কাৰ্বি আংলংৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ যোৱা গুৱাহাটীৰ নিলোৎপল দাস আৰু অভিজিত নাথক মৰিয়াই মৰিয়াই হত্যা কৰিছিল দুৰ্বৃত্তৰ দলে।
bite 1- গোপাল চন্দ্ৰ দাস, পিতৃ নিলোৎপল দাস
bite- অজিত কুমাৰ নাথ, পিতৃ অভিজিত দাস
bite- ৰিদিপ দাস- নীল অভি জাষ্টিচ ফৰাম
---------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৭-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.