ETV Bharat / state

নগাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

author img

By

Published : Jun 28, 2020, 3:05 AM IST

হোম কোৱাৰেণ্টাইনত থকা বহু লোকৰ লগতে গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা বহু লোক আক্ৰান্ত হৈছে ৷ কিন্তু কোনো ভ্ৰমণ ইতিহাস নথকা লোকো এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে ৷

নগাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা
নগাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

নগাঁও, 28 জুনঃ নগাঁৱত কৰ'ণা আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে অধিক হাৰত বৃদ্ধি পাই আহিছে ৷ বৰ্তমান নগাঁৱত আক্ৰান্তৰ সংখ্যা 541 গৰাকীলৈ বৃদ্ধি পাইছে ৷ হোম কোৱাৰেণ্টাইনত থকা বহু লোকৰ লগতে গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা বিভিন্ন লোক আক্ৰান্ত হৈছে ৷ কিন্তু কোনো ভ্ৰমণ ইতিহাস নথকা লোকো এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে ৷ যাৰ ফলত শংকিত হৈ পৰিছে নগাঁওৰ লোক সকল ৷ ইতিমধ্যে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে গুৱাহাটীত থকা লোক সকলক নগাঁৱলৈ পৰাপক্ষত উভতি নাহিবলৈ অনুৰোধ জনাইছে ৷

গুৱাহাটীত থকা লোক সকলক নগাঁৱলৈ উভতি নাহিবলৈ অনুৰোধ

উল্লেখ্য যে, দেওবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ'ব পূৰ্ণ পৰ্যায়ৰ লক ডাউন ৷ অধিক কঠোৰ হ'ব লক এই লক ডাউন ৷ 14 দিনৰ বাবে জাৰি কৰা লক ডাউনৰ প্ৰথম সপ্তাহলৈ গেলামালৰ দোকানো বন্ধ ৰাখিব প্ৰশাসনে ৷ ইপিনে গুৱাহাটীত ইতিমধ্যেই আৰম্ভ হৈছে গণ সংক্ৰমণ ৷ এনেবোৰ কাৰণত নগাঁওৰ পৰা গুৱাহাটীলৈ বিভিন্ন কামত অহা লোক সকল নিজ নিজ ঘৰলৈ উভতি যোৱৰ পূৰ্ণ সম্ভাৱণা আছে ৷ কিন্তু গুৱাহাটীৰ পৰা কোনো আক্ৰান্ত লোক উভতি গলে ইয়াৰ ফলত নগাঁৱটো এই ৰোগ বিয়পি পৰাৰ অধিক থল থাকিব ৷ এনেবোৰ কাৰণতেই গুৱাহাটীত থকা লোক সকলক পৰাপক্ষত নগাঁৱলৈ উভতি নাহিবলৈ অনুৰোধ জনাইছে বিষয়াগৰাকীয়ে ৷

লগতে পঢ়কঃ ড্ৰাগছ বিৰোধী ভিডিঅ' প্ৰতিযোগিতা নগাওঁ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.