নগাঁও, 23 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024) ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰতা বৃদ্ধি কৰিছে শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছৰো । একেৰাহে দ্বিতীয়বাৰ কেন্দ্ৰৰ শাসনৰ বাঘজৰী হাতত ল’বলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ যেন এইবাৰ উঠিপৰি লাগিছে বিৰোধী দল কংগ্ৰেছ ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এক সিদ্ধান্ত মৰ্মে দেশজুৰি বিৰোধী দল কংগ্ৰেছে ভাৰত জড়ো যাত্ৰা নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিচত দেশৰ জনসাধাৰণক আকৰ্ষিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছিল আন এক কাৰ্যসূচী । সেয়া আছিল ‘‘হাত ছে হাত জোড়ো’’ কাৰ্যসূচী ৷
পিচে এইবাৰ বিজেপিৰ বিৰুদ্ধে সংবাদ মেলৰ আয়োজন কৰি বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দিয়াৰ নিৰ্দেশ আহিছে দলটোৰ হাইকামণ্ডৰ পৰা । সৰ্বভাৰতীয় কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদকৰ নিৰ্দেশ অনুসৰি জিলাই জিলাই আয়োজন হৈছে সংবাদ মেলৰ ।
বৃহস্পতিবাৰে নগাঁও ৰাজীৱ ভৱনতো সংবাদ মেলৰ আয়োজন কৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও জিলা কংগ্ৰেছ (Nagaon congress press meet)। বৃহস্পতিবাৰে হাইকামণ্ডৰ নিৰ্দেশ পালন কৰি নগাঁও ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ নগাঁও জিলা সভাপতি সুৰেশ বৰাই ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ দস্তাবেজ হাতত লৈ সংবাদ মেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই (Nagaon congress leader Suresh Borah criticized BJP) । জীৱন বীমা নিগমৰ ক্ষতি হৈছে আদানিৰ বাবে । দেশজুৰি তোলপাৰ লগোৱা আদানী প্ৰসংগ উল্লেখ কৰি সংবাদ মেলত উক্ত মন্তব্য কৰে জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ।
লগতে পঢ়ক : Lok Sabha Election 2024: অক্টোবৰত BPFয়ে ঘোষণা কৰিব কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম
লগতে তেওঁ কয়, ‘‘দেশৰ অৰ্থনীতি থান বান কৰি দিলে আদানীয়ে । আদানী প্ৰসংগ লোকসভাৰ মজিয়াত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰিলেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিশ্চুপ কিয় ?’’ আদানী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে তদন্ত নিদিয়াক লৈয়ো উক্ত সংবাদ মেলতে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা সুৰেশ বৰাই ।
যুটীয়া সংসদীয় কমিটীৰ জৰিয়তে আদানীৰ কেলেংকাৰী তদন্ত কৰিবলৈ সংবাদ মেলৰ জৰিয়তে দাবী উত্থাপন কৰে নগাঁও জিলা কংগ্ৰেছে । বিজেপিয়ে ক’লা ধন ছুইছ বেংকৰ পৰা ঘূৰাই অনা সন্দৰ্ভতো প্ৰশ্ন কৰে নগাঁও জিলা কংগ্ৰেছে । ছুইছ বেংকত আগতে 3.83 হাজাৰ কোটি টকা আছিল ।
এতিয়া ছুইছ বেংকত থকা ধনৰ পৰিমাণ হৈছে 30 হাজাৰ 500 কোটি টকা । সেই ধন বিজেপিৰ শাসনত কেনেকৈ বৃদ্ধি পালে তাক লৈয়ো জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে সংবাদ মেলৰ জৰিয়তে । ৰাইজে এতিয়া বিজেপি চৰকাৰক ‘‘ক্যা হুৱা তেৰা ৱাদা’’ এই বুলিহে প্ৰশ্ন কৰাৰ কথা উল্লেখ কৰে নগাঁও জিলা কংগ্ৰেছে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সংবাদ মেলত কংগ্ৰেছৰ নগাঁও জিলা সভাপতি সুৰেশ বৰাৰ লগতে জিলা কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়াও উপস্থিত থাকে ।
লগতে পঢ়ক : Pawan Khera arrested: কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ