ETV Bharat / state

ৰেণেছা কণিষ্ঠ মহাবিদ্যালয়ত আলোচনা চক্ৰ

author img

By

Published : Mar 20, 2021, 3:54 PM IST

শনিবাৰে 'সমন্বয়'ৰ উদ্যোগত নগাঁৱৰ ৰেণেছা কণিষ্ঠ মহাবিদ্যালয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে শিৱলাল গৌতম, প্ৰকাশ দাস, খেৰা বৰা, স্নেহা দেৱী চৌধুৰী আৰু আনিজ শইকীয়াই । মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ লগতে বক্তব্য আগবঢ়ায় ।

'সমন্বয়'ৰ উদ্যোগত ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ত আলোচনা চক্ৰ

নগাঁও,২০ মাৰ্চ: তৃতীয় লিংগৰ ব্যক্তিসকলে সততে সমাজত সন্মুখীন হৈ অহা সমস্যাসমূহ দূৰ কৰাৰ বাবে 'সমন্বয়ে' সময়ে সময়ে বিভিন্ন সজাগতামূলক অনুষ্ঠান আয়োজন কৰি আহিছে । শনিবাৰে নগাঁৱৰ ৰেণেছা কণিষ্ঠ মহাবিদ্যালয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । ৰেণেছা কণিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু 'সমন্বয়'ৰ উদ্যোগত 'Understanding Bullying Through A Queer Lens' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

মহাবিদ্যালয়ৰ মুকলি মঞ্চত আয়োজিত এই আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শিৱলাল গৌতম, প্ৰকাশ দাস, খেৰা বৰা, স্নেহা দেৱী চৌধুৰী আৰু আনিজ শইকীয়া । সভাখনত ছাত্ৰী ময়ুখী বেজবৰুৱা আৰু শিক্ষয়িত্ৰী ভাস্কৰ্যা বৰাই গীত পৰিৱেশন কৰাৰ লগতে স্মৃতি কাশ্যপ শইকীয়াই কবিতা পাঠ কৰে । লগতে মহাবিদ্যালয়ৰ ছাত্ৰী ৰ'দালি বৰুৱা আৰু উন্নতি ডেকায়েও অনুভৱ ব্যক্ত কৰে ।

ৰেণেছা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কয় যে, এল জি বি টি কিউ ৰ সম্পৰ্কে আমি আজিও অজ্ঞ বা জানিবলৈ ইচ্ছুক নহয় । ইয়াৰ উপৰিও এইসকল লোকক ভিন্ন নাম দি মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰা কাৰ্যক অপ্ৰাকৃতিক আখ্যা দিয়ে অধ্যক্ষগৰাকীয়ে । 'সমন্বয়'ৰ সদস্য প্ৰকাশ দাসে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাৰ স্থিতি, লিংগ বৈষম্য, দুর্বলীৰ ওপৰত সবলীৰ অত্যাচাৰ আদি বিষয়সমূহ বিশ্লেষণাত্মকভাৱে দাঙি ধৰে ।

তেওঁ কয় যে, এল জি বি টিৰ কোনো অসমীয়া প্ৰতিশব্দ নাই আৰু এনেধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ লজ্জাবোধ কৰাটো দুৰ্ভাগ্যজনক । এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ কথা সবিস্তাৰে উল্লেখ কৰি শিৱলাল গৌতমে কয় যে, সম্পৰ্ক মনৰ পৰা হয়, শৰীৰ বা সমাজৰ পৰা নহয় । লগতে ভাষণ প্ৰসংগত নিজৰ অভিজ্ঞতাৰ কথা উনুকিয়াই 'সমন্বয়'ৰ সৈতে জড়িত হোৱাৰ কথা ব্যক্ত কৰে আনিজ শইকীয়া, স্নেহা দেৱী চৌধুৰী আৰু খেৰা বৰাই ।

'সমন্বয়'ৰ আমন্ত্ৰিত অতিথিসকলে ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানতো অংশ লয় । সভাত উপস্থিত থাকে 'ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি বঁটা' প্ৰাপ্ত ৰঞ্জন বেজবৰুৱা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা ।

লগতে পঢ়ক:মনোনয়নৰ অন্তিম দিনত চিৰাঙত ৪ গৰাকীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.