নগাঁও,21জুলাই: সম্প্ৰতি কৰ'ণাৰ হটস্পটত পৰিণত হৈছে নগাওঁ কেন্দ্ৰীয় কাৰাগাৰ। মংগলবাৰ জিলাখনৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ ৪৮ জনকৈ কয়দীৰ দেহত ধৰা পৰে কোভিড-19ৰ উপস্থিতি ৷ ইয়াৰ পূৰ্বে জিলাখনৰ এগৰাকী চিকিৎসক সহ 6জনকৈ লোক কৰ'ণাত আক্ৰান্ত হৈছিল ৷
নগাঁৱত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে কৰ'ণাৰ পৰীক্ষা আৰম্ভ কৰাৰ লগে-লগে পোহৰলৈ আহিছে কৰ'ণা আক্ৰান্তৰ ভয়াৱহ তথ্য। জিলাখনত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । কেন্দ্ৰীয় কাৰাগাৰতে এই পৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৫৩ জনকৈ কয়দী । আক্ৰান্ত আটাইকেইজন কয়দীক নিৰাপত্তাজনিত কাৰণত চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে কেন্দ্ৰীয় কাৰাগাৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে জিলাখনত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 1,059 গৰাকীলৈ বৃদ্ধি পাইছে ৷