ETV Bharat / state

নগাঁৱত চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক

author img

By

Published : Jan 11, 2020, 3:17 PM IST

শুকুৰবাৰে মাজনিশা নগাঁও চহৰৰ বিভিন্ন স্থানত ক’লা পতাকা উত্তোলন কৰাৰ পিছতে শনিবাৰে পুৱা নগাঁৱৰ নতুন বজাৰৰ পৰা হাতে হাতে ক’লা পতাকা লৈ সমদল পৰিষদৰ সদস্যসকলৰ ৷ প্ৰতিবাদী সমদলটো কিছুদূৰ আগবঢ়াৰ পিছতেই বাধা প্ৰদান কৰে আৰক্ষীৰ লোকে ৷ টানি চোঁচৰাই নি প্ৰায় 20গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ৷

Nagaon CAA protesters arrest
নগাঁৱত টানি চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক

নগাঁও,11 জানুৱাৰীঃ অৱশেষত শুকুৰবাৰে সমগ্ৰ দেশতে বলৱৎ কৰা হ’ল নাগৰিকত্ব সংশোধনী আইন 2019 ৷ দেশজুৰি চলি থকা প্ৰতিবাদক আওকাণ কৰি 10 জানুৱাৰীত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে মাজনিশা নগাঁও চহৰৰ বিভিন্ন স্থানত ক’লা পতাকা উত্তোলন কৰাৰ পিছতে শনিবাৰে পুৱা নগাঁৱৰ নতুন বজাৰৰ পৰা হাতে হাতে ক’লা পতাকা লৈ সমদল কৰে পৰিষদৰ সদস্যসকলে ৷ কিন্তু প্ৰতিবাদী সমদলটো কিছুদূৰ আগবঢ়াৰ পিছতেই বাধা প্ৰদান কৰে আৰক্ষীৰ লোকে ৷ টানি চোঁচৰাই নি প্ৰায় 20 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ৷ যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰত চৰকাৰে দমন নীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

নগাঁৱত টানি চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক

লগতে পঢ়ক-টিংখাং আৰু বটদ্ৰৱাত "কা" বিৰোধী প্ৰতিবাদ

Intro:অৱশেষত কাৰ্য্যকৰী হল নাগৰিকত্ব সংশোধনী আইন। কা কাৰ্য্যকৰী হোৱাৰ পিছত নগাঁৱত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। হাতে হাতে ক'লা পতাকা লৈ নগাওঁ চহৰৰ মাজেৰে প্ৰতিবাদী সমদল। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল নগাওঁ আৰক্ষী। কুৰিজনতকৈ অধিক প্ৰতিবাদকাৰীক আটক নগাওঁ আৰক্ষীৰ। আৰক্ষীৰ বিৰুদ্ধে দমন নীতি চলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীৰ দাবী স্পষ্ট। কোনো কাৰণত মানি লোৱা নহব নাগৰিকত্ব সংশোধনী আইন।

Body:আমি গুলী খাবলৈ সাজু কিন্তু কা আমি নামানো।
bite-
সংশোধিত নাগৰিকত্ব আইন কাৰ্য্যকৰী কৰাৰ পিছত অধিক তীব্রতৰ হৈছে প্ৰতিবাদ। শনিবাৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । মাজনিশা নগাওঁ চহৰৰ বিভিন্ন স্থানত ক'লা পতাকা উত্তোলন কৰাৰ পিছত পুৱা উলিয়াই প্ৰতিবাদী সমদল।
ptc
নগাওঁ নতুন বজাৰৰ পৰা হাতে হাতে ক'লা পতাকা লৈ প্ৰতিবাদী সমদল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ। সমদল কিছুদূৰ আগবঢ়াৰ পিছতেই আৰক্ষীৰ বাধা। টানি চোঁচৰাই প্ৰতিবাদকাৰীক আটক কৰি লৈ গ'ল নগাওঁ আৰক্ষীয়ে। সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এজন এজনকৈ প্ৰায় কুৰিজনতকৈ অধিক প্ৰতিবাদকাৰীক আটক থানালৈ লৈ যায় আৰক্ষয়ে। গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰত দমন নীতি চলোৱাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ।
bite- কাশ্যপ ফুকন, সম্পাদক, নগাওঁ নগৰ সমিতি, প্ৰাগজ্যোতিষ বনিয়া, সম্পাদক, নগাওঁ জিলা সমিতি ।

Conclusion:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ।
bite- প্ৰতিবাদকাৰী
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১১-১-২০
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.