ETV Bharat / state

ভাষাৰ সুৰক্ষাৰ বাবে কিতাপ পঢ়াৰ প্ৰয়োজনঃডঃ আবু হানিফা - জ্যোতিৰ্ময় চক্ৰৱৰ্তী

অইন বেলিৰ দৰে এইবেলিও আয়োজন কৰা হৈছে নগাওঁ গ্ৰন্থমেলা ৷ যি সময়ত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ আশংকাত চলিছে প্ৰতিবাদ,তাৰ বিপৰীতে অসমীয়া গ্ৰন্থ অধ্যয়নৰে ভাষা সুৰক্ষাৰ প্ৰচেষ্টাত মগ্ন হৈছে এজাক নৱ প্ৰজন্ম ৷ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থমেলাত উন্মোচিত হয় মিনাৰা হুছেইনৰ হৃদয়ে যেতিয়া কান্দে শীৰ্ষক উপন্যাসখন

অইন বেলিৰ দৰে এইবেলিও আয়োজন কৰা হৈছে নগাওঁ গ্ৰন্থমেলা
ভাষাৰ সুৰক্ষাৰ বাবে কিতাপ পঢ়াৰ প্ৰয়োজনঃডঃ আবু হানিফা
author img

By

Published : Dec 22, 2019, 9:20 PM IST

নগাওঁ,22 ডিচেম্বৰঃ শীতৰ সমান্তৰালকৈ আৰম্ভ হৈছে গ্ৰন্থৰ বতৰ ৷ পছন্দৰ গ্ৰন্থ বিচাৰি শিশুৰ পৰা বৃদ্ধলৈকে ভিৰ দেখা গৈছে নগাওঁ গ্ৰন্থমেলাথলীত । অইন বেলিৰ দৰে এইবেলিও আয়োজন কৰা হৈছে নগাওঁ গ্ৰন্থমেলা ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বিপৰীতে এয়া নিসন্দেহে ভাল খবৰ ৷ যি সময়ত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ আশংকাত চলিছে প্ৰতিবাদ,তাৰ বিপৰীতে অসমীয়া গ্ৰন্থ অধ্যয়নৰে ভাষা সুৰক্ষাৰ প্ৰচেষ্টাত মগ্ন হৈছে এজাক নৱ প্ৰজন্ম ৷

নেহেৰুবালীৰ সৌজন্যময়ী ভট্টাচাৰ্য্য ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই বৰ্ষৰ নগাওঁ গ্ৰন্থমেলা ৷ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থমেলাত উন্মোচিত হয় মিনাৰা হুছেইনৰ হৃদয়ে যেতিয়া কান্দে শীৰ্ষক উপন্যাসখন ৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক ডঃ আবু হানিফাই ৷ গ্ৰন্থমেলাথলীত দেওবাৰে অনুষ্ঠিত হয় "গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক এক আলোচনা চক্ৰ ৷

ভাষাৰ সুৰক্ষাৰ বাবে কিতাপ পঢ়াৰ প্ৰয়োজনঃডঃ আবু হানিফা

এই আলোচনা চক্ৰত ভাগ লৈ সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা আৰু জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে । বিশিষ্ট ব্যক্তি দুগৰাকীয়ে নৱপ্ৰজন্মক ভাষাৰ সুৰক্ষাৰ বাবে কিতাপ পঢ়িবলৈ আহ্বান জনায় ৷ ইপিনে উন্মোচিত উপন্যাসখন পাঠক সমাজে আদৰি ল’ব বুলি আশাবাদী লেখিকাগৰাকী ৷

লগতে চাওকঃছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই ডিব্ৰুগড় আৰক্ষীৰ জালত নগাঁও কলেজৰ ছাত্ৰ

Intro:ৰাজ্যজুৰি কা' বিৰোধী আন্দোলন অব্যাহত থকাৰ সময়তে গ্ৰন্থৰ সুবাস বিচাৰি নগাওঁ গ্ৰন্থমেলাত শিশুৰ পৰা বৃদ্ধ, যুৱক যুৱতীৰ ভিৰ। ভাষাৰ সুৰক্ষাৰ বাবে কিতাব পঢ়িবলৈ আহ্বান যুৱ প্ৰজন্মৰ। গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ। উন্মোচন হ'ল অভিযন্তা মিনাৰা হুছেইনৰ উপন্যাস 'হৃদয়ে যেতিয়া কান্দে'।

Body:সমগ্ৰ ৰাজ্য উত্তাল কা' বিৰোধী আন্দোলনত। ছাত্ৰ সমাজ, যুৱ সমাজ, পুৰুষ মহিলা সকলো এতিয়া ৰাজপথত। তাৰ মাজতো গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাত ভিৰ শিশুৰ পৰা বৃদ্ধলৈকে। অসমৰ গ্ৰন্থমালাৰ বাটকটীয়া নগাওঁ গ্ৰন্থমেলাৰ দেওবাৰৰ দৃশ্য এয়া। গ্ৰন্থৰ বিপনীত ভিৰ শিশু, বৃদ্ধ, যুৱক যুৱতীৰ। বিচাৰিছে পছন্দৰ গ্ৰন্থ। যি সময়ত অসমীয়া ভাষাৰ সংকটৰ আশংকাত চলিছে প্ৰতিবাদ। তেনে সময়তে অসমীয়া গ্ৰন্থ অধ্যয়নৰে ভাষা সুৰক্ষাৰ যেন আন এক প্ৰচেষ্টা নৱ প্ৰজন্মৰ। কলঙৰ বাকৰি নেহেৰুৱালীৰ সৌজন্যময়ী ভট্টাচাৰ্য্য ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থ মেলাৰ বিপনীত ভিৰ কৰা যুৱ প্ৰজন্মৰ মন্তব্য। কিতাব পঢ়া আন্দোলন গঢ়ি তুলিও সুৰক্ষা কৰিব পাৰি অসমীয়া ভাষা।
bite- student
vo- ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা নগাওঁ গ্ৰন্থমেলাত দেওবাৰে অনুষ্ঠিত হয় গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ। আলোচনা চক্ৰত ভাগ লৈ সংবাদ মাধ্যমৰ ভূমিকা ওপৰত বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা আৰু জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে।
bite-speech

Conclusion:ইপিনে নগাওঁ গ্ৰন্থ মেলাত দেওবাৰে উন্মোচন কৰা হয় অভিযন্তা মিনাৰা হুছেইনৰ উপন্যাস হৃদয়ে যেতিয়া কান্দে। গৰকাপ্তানী বিভাগৰ অভিযন্তা মিনাৰা হুছেইনে ব্যস্ততাৰ মাজতো লিখা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক ডঃ আবু হানিফাই। পাঠকসমাজে উপন্যাসখন আদৰি লব বুলি আশাবাদী লেখক মিনাৰা হুছেইন।
bite- মিনাৰা হুছেইন
---------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২২-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.