ETV Bharat / state

নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী

author img

By

Published : Feb 27, 2019, 5:46 PM IST

কংগ্ৰেছক সমালোচনাৰে থকা সৰকা সোণোৱালৰ

নগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নগাঁও,২৭ ফেব্ৰুৱাৰীঃ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা নগাওঁ, কলিয়াবৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

নগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীক। তাৰোপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰি কয় যে, ভাৰতীয় গণতন্ত্ৰত কালিমা সানি কলংকিত অধ্যায় ৰচনা কৰা কংগ্ৰেছ, ভাৰতৰ প্ৰতিজন লোকৰ মনৰ পৰা আঁতৰি গৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হবলৈ বেছি বাকী নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা বিজেপিৰ বিশেষ সাংগঠনিক সভাত দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক সুৰেশ পূজাৰী, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, মন্ত্ৰী পিয়ুষ হাজৰিকা, পল্লৱ লোচন দাস, বিধায়ক ৰূপক শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল দাস, বিধায়ক ডিম্বেশ্বৰ দাস উপস্থিত থাকে।

Intro:নগাঁৱত বিজেপিৰ বিশেষ সাংগঠনিক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই প্ৰধান মন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ সোণোৱাল। স্বভাৱসুলভ নাটকীয় ভংগীমাৰে সমালোচনাৰে থকা সৰকা কৰিলে কংগ্রেছক।

Body:লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা নগাওঁ, কলিয়াবৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি ৰ বিশেষসাংগঠনিক সভাত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰথমেই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ বাবে কোটি কোটি ধন্যবাদ জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীক। কংগ্ৰেছে প্ৰায় ৬০ বছৰ কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ দায়িত্ব লৈ জনসাধাৰণক প্ৰতাৰণা যি এক কলংকিত ইতিহাস ৰচনা কৰিছে সেয়া আজি প্ৰতিজন সচেতন নাগৰিকে অধ্যয়ন কৰিছে। ভাৰতীয় গণতন্ত্ৰত কালিমা সানি কলংকিত অধ্যায় ৰচনা কৰা কংগ্ৰেছ ভাৰতৰ প্ৰতিজন লোকৰ মনৰ পৰা আঁতৰি গৈছে বুলি ভাষণত মন্তব্য সৰ্বানন্দ সোনোৱালৰ।
bite1 , ভাষণ

vo. ভাষণত কংগ্রেছৰ সমালোচনাত মুখৰ হৈ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কংগ্ৰেছৰ শাসনকালত চৰকাৰী আঁচনি লাভ কৰিবলৈ চাহ বাগিচা, চৰ অঞ্চলৰ সাধাৰণ লোকে গ্ৰহণ কৰিব লগা হৈছিল কংগ্ৰেছৰ সদস্য। কিন্তু বিজেপিয়ে সকলো শ্ৰেণীৰ লোকক প্ৰদান কৰিছে সমমৰ্য্যদা। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হবলৈ বেছি বাকী নাই বুলিও মন্তব্য কৰে।
bite. ভাষণ।

vo. তৰুণ গগৈয়ে দিনত তিনিবাৰ কৈ সংবাদ মেল আয়োজন কৰা বুলিও উল্লেখ কৰি সৰ্বানন্দ সোনোৱালৰ মন্তব্য বিজেপিয়ে কথাৰে নহয় কামেৰেহে পৰিচয় দিয়ে।
bite. ভাষণ।

Conclusion:vo. নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা বিজেপিৰ বিশেষ সাংগঠনিক সভাত দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক সুৰেশ পূজাৰী, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, মন্ত্ৰী পিয়োষ হাজৰিকা, পল্লব লোচন দাস, বিধায়ক ৰূপক শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা, খুমতাই সমষ্টিৰ বিধায়ক মৃণাল দাস, বিধায়ক ডিম্বেশ্বৰ দাস উপস্থিত থাকে। নিৰ্দিষ্ট সময়তকৈ পলমকৈ অনুষ্ঠিত হোৱা সভাত কেবাসস্ৰাধিক দলীয় কৰ্মী অংশগ্ৰহণ কৰে ।
--------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৭-২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.