ETV Bharat / state

ফাটমেলিছে ৰূপহীহাট বিজেপিতঃ দুই ফৈদৰ সংঘৰ্ষ

author img

By

Published : Sep 1, 2020, 3:05 PM IST

নগাঁৱৰ ৰূপহীহাট বিজেপিত বিসম্বাদ ৷ অৰুনোদয় আঁচনিৰ সভা অনুষ্ঠিত কৰাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷

Nagaon BJP crisis
নগাঁৱৰ ৰূপহীহাট বিজেপিত বিসম্বাদ

নগাঁও, 1 ছেপ্তেম্বৰঃ নগাঁৱৰ ৰূপহীহাট বিজেপিত বিসম্বাদ ৷ অৰুনোদয় আঁচনিৰ সভা অনুষ্ঠিত কৰাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাতে বিজেপিত বহিঃপ্ৰকাশ ঘটিছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ ৷ বিগত কিছুদিনৰ পৰাই চলি থকা ৰূপহীহাট বিজেপিৰ বিসম্বাদে এতিয়া লৈছে চূড়ান্ত ৰূপ ৷ উল্লেখ্য যে, সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব বিচৰা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভানেত্ৰী ছালমা জেচমিনে সোমবাৰে অৰুনোদয় আঁচনিক লৈ এখন সভাৰ আয়োজন কৰিছিল ৷ আনহাতে, একে সময়তেই উক্ত স্থানত ৰূপহীহাট মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ ঘনিষ্ঠ ছাজিবুল ইছলামে একেখন আঁচনিক লৈ সভা আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰে ছালমা জেচমিনৰ সমৰ্থকে ।

নগাঁৱৰ ৰূপহীহাট বিজেপিত বিসম্বাদ

ইয়াকে কেন্দ্ৰ কৰি সংঘটিত হয় দুই ফৈদৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষ ৷ ছালমা জেচমিনৰ একাংশ সমৰ্থকে ভাঙি লণ্ড-ভণ্ড কৰে ছাজিবুল ইছলামৰ চাৰিচকীয়া বাহন ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এজহাৰ দাখিল কৰিছে ছাজিবুল ইছলামে ৷

লগতে পঢ়কঃহাইস্কুল শিক্ষান্ত পৰীক্ষা, 2021 বৰ্ষৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.