নগাঁও, 24 চেপ্টেম্বৰ: নগাঁৱৰ বঢ়হমপুৰত প্ৰধান শিক্ষকৰ অনুপস্থিতিত চলিছে এখন বিদ্যালয় ৷ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমনি কলনি মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোদ বৰুৱাই মাহটোৰ ভিতৰত ৩/৪ দিনহে বিদ্যালয়ত উপস্থিত থাকে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
বিদ্যালয়ৰ উপস্থিতি বহীত তেওঁৰ উপস্থিতিৰ হাৰ কিন্তু এশ শতাংশই ৷ প্ৰধান শিক্ষকগৰাকীৰ এনেধৰণৰ মইমতালিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে স্থানীয় ৰাইজ ৷ প্ৰধান শিক্ষক বিনোদ বৰুৱা বিদ্যালয়ত উপস্থিত নথকাৰ বিষয়টো স্থানীয় ৰাইজে সৰ্বশিক্ষা বিভাগৰ সমন্বয়কগৰাকীক(CRC) বহুবাৰ অৱগত কৰাৰ পাচতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ বিভাগটোক যিমানেই উন্নত কৰিবলৈ চেষ্টা নকৰক কিয়, একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ মইমতালিৰ বাবেই ধ্বংসৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ ৷ এতিয়া শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰধানশিক্ষকজনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হৈ পৰিছে ।