বঢ়মপুৰ,1 জুলাইঃ ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ ৷ ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধই পোৱা কপিলী আৰু বৰপানী নৈৰ বাঢ়নী পানীয়ে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও ইতিমধ্যে বুৰাই পেলোৱাৰ পাছত এতিয়া কামপুৰত নিশাৰী নৈৰ পানীয়ে প্লাৱিত কৰিছে বিস্তৃত অঞ্চল ।
বানৰ কবলত পৰিছে কেইবাখনো গাঁও । নিশাৰী নৈৰ বাঢ়নী পানীয়ে একে নিশাই বুৰাই পেলালে কামপুৰ আৰু কঠিয়াতলী মৌজাৰ বৃহৎ অঞ্চল । কঠিয়াতলী মৌজাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজৰ ঘৰৰ ভিতৰত এতিয়া পানী।
![NAGAON BARHAMPUR MASSIVE FLOOD ETV BHARAT ASSAM REPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7843390_nagaon.jpg)
ইয়াৰ সমান্তৰালভাৱে শালি ধানৰ খেতিৰ বাবে পথাৰত পাৰি থোৱা কঠিয়া বাঢ়নী পানীৰ তলত । বাঢ়নী পানীয়ে কঠীয়া বুৰাই পেলোৱাৰ ফলত মূৰে কপালে হাত দিছে কৃষক সকলে ৷
![NAGAON BARHAMPUR MASSIVE FLOOD ETV BHARAT ASSAM REPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7843390_fsberg.jpg)
লগতে চাওকঃ ৰাজ্যৰ বান পৰিস্থিতি : বৰ্তমানলৈকে 27 জন লোকৰ মৃত্যু