ETV Bharat / state

নগাঁৱত যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক - ইটাচালি

নগাঁৱৰ ইটাচালি অঞ্চলত গেৰেজৰ ভিতৰতে যুৱতীক ধৰ্ষণৰ চেষ্টা আখতাৰ হুছেইন নামৰ এটা পাষণ্ডৰ। আখতাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ভুক্তভোগী যুৱতীৰ। এই গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আখতাৰক।

নগাঁৱত যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

author img

By

Published : Oct 17, 2020, 6:56 PM IST

নগাঁও, ১৭ অক্টোবৰ: হাথৰছ কাণ্ডই দেশ জোকাৰি যোৱাৰ সময়তে নগাঁৱত এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ ইটাচালি অঞ্চলত। এটা গেৰেজৰ ভিতৰত যুৱতী গৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে আখতাৰ হুছেইন নামৰ এজন যুৱকৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতী গৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

নগাঁৱত যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক
নগাঁৱত যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ২৬৩৪/২০ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । শুক্ৰবাৰে সন্ধিয়া ধৰ্ষণৰ দৰে জঘন্য অভিযোগত অভিযুক্ত আখতাৰ হুছেইনক আটক কৰে। নগাঁও সদৰ আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তই প্ৰকাশ কৰিছে যে, অভিযুক্ত আখতাৰক শনিবাৰে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক:20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.