নগাঁও,১৭ জুন: নগাঁও জিলাত ১৮-৪৪ বছৰ বয়সৰ লোকৰ বাবে ক'ভাক্সিন (COVAXIN)ৰ দ্বিতীয় পালি প্ৰদানৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । জিলাখনত ৮ মে' আৰু ১০ মে'ত যিসকল ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিয়ে ক'ভাক্সিনৰ প্ৰথম পালি ১ নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়, জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় আৰু নুৰুদ্দিন মুক্তব প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিয়ে নগাঁও চহৰৰ হয়ৱৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত(Covid Vaccination Centre) অহা ১৮ আৰু ১৯ জুন তাৰিখে দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব ।
পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হ'ব দ্বিতীয় পালি প্ৰতিষেধক (Second Dose)। উক্ত কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা প্ৰথম ৫৫০ গৰাকী ব্যক্তিক দ্বিতীয় পালি প্ৰদান কৰা হ'ব ।
তদুপৰি গ্ৰামাঞ্চলৰ যিসকল ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকে ৮ মে' তাৰিখে ক'ভাক্সিনৰ প্ৰথম পালি যিটো কেন্দ্ৰত গ্ৰহণ কৰিছিল, তেওঁলোকক একেটা কেন্দ্ৰতে ১৯ জুনত পুৱা ১০ বজাৰ পৰা দ্বিতীয় পালি প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক:দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৰে'লৱে ট্ৰেক স্থানান্তৰিত কৰাৰ চিন্তা-চৰ্চা