ETV Bharat / state

নগাঁৱত সাপ্তাহিক বজাৰ বন্ধ কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

author img

By

Published : May 8, 2021, 1:42 PM IST

বৰ্ধিত কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সাপ্তাহিক বজাৰৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে নগাঁও প্ৰশাসনে । পৰৱৰ্তী ১৫ দিন পৰ্যন্ত বন্ধ থাকিব জিলাখনৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ ।

Nagaon administration has ordered to close weekly market
অহা ১৫ দিন পৰ্যন্ত বন্ধ থাকিব নগাঁৱৰ সকলো সাপ্তাহিক বজাৰ

নগাঁও,৮ মে': নগাঁও জিলাৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে জিলা প্ৰশাসনে । সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নগাঁও জিলাখনতো ক'ভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে । এনে পৰিস্থিতিৰে মোকাবিলা কৰাত সহায়ক হোৱাকৈ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে । কিয়নো বজাৰসমূহত প্ৰায়েই ক'ভিড বিধি উলংঘা কৰা দেখা যায় । ফলত সংক্ৰমণৰ হাৰ বাঢ়ে । এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশ অনুসৰি নগাঁৱৰ জিলা দণ্ডাধীশে জিলাখনৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে ।

নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে জিলা প্ৰশাসনে । পৰৱৰ্তী ১৫ দিন পৰ্যন্ত বন্ধ থাকিব জিলাখনৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ । তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক: খোৱাঙৰ দুখনকৈ গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.