নগাঁও, 27 ডিচেম্বৰ : নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা একাদশ দ্বি-বার্ষিক অধিৱেশনখনিৰ দেওবাৰে সামৰণি পৰে । শনিবাৰে পুৱাৰ পৰা অনুষ্ঠিত হোৱা অধিৱেশনৰ দেওবাৰে অন্যান্য কাৰ্যসূচীৰ লগতে দুপৰীয়া বিষয় বাছনি সভা অনুষ্ঠিত হয় । বিষয় বাছনি সভাৰ অন্তত অনুষ্ঠিত হয় অধিৱেশনৰ মুকলি সভা ।
মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত মুখ্যমন্ত্ৰী উপস্থিত নথকাত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন উপস্থিত থাকে।
অধিৱেশনৰ জৰিয়তে সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাই কেবাটাও দাবী প্ৰেৰণ কৰে ৰাজ্য চৰকাৰলৈ। পূৰ্বৰ পেঞ্চন নীতি বাহাল ৰখাৰ লগতে প্ৰশাসন কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনায় প্ৰশাসন কৰ্মচাৰী সন্থাই ।