নগাঁও, 25 জানুৱাৰী : সোমবাৰে সন্ধিয়া নগাঁৱৰ চলচলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। সন্ধিয়া বজাৰ কৰি ঘৰ অভিমুখে গৈ থকা অৱস্থাত এখন স্কুটীৰ খুন্দাত মৃত্যু হয় এগৰাকী মহিলাৰ ।
কাৱৈমাৰীৰ মাতু দাস নামৰ মহিলাগৰাকী ঘৰলৈ গৈ থকা অৱস্থাত নগাঁৱৰ চলচলিত তীব্ৰ বেগী এখন স্কুটীয়ে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে । স্থানীত লোকে প্ৰত্যক্ষ কৰি মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মহিলাগৰাকীক । মহিলাগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ লোক ।
লগতে পঢ়ক: ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 84 লৈ বৃদ্ধি