ETV Bharat / state

নগাঁৱৰ ৰাজপথত মানৱতাৰ স্খলন

author img

By

Published : Feb 8, 2021, 2:13 PM IST

Updated : Feb 9, 2021, 3:12 PM IST

নগাঁৱৰ ধিং গেটত সংঘটিত হৈছে পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন স্কুটি আৰোহী ৷ মাটি কঢ়িওৱা এখন ট্ৰাকে স্কুটি আৰোহী জনক মহতিয়াই লৈ যোৱাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

নগাঁৱত ৰাজপথত মানৱতাৰ স্খলননগাঁৱত ৰাজপথত মানৱতাৰ স্খলন
নগাঁৱত ৰাজপথত মানৱতাৰ স্খলন

নগাঁও,9 ফেব্ৰুৱাৰী : নগাঁও চহৰৰ ধিং গেটত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । উৰণীয়া সেতুৰ ওপৰত সংঘটিত হোৱা দুর্ঘটনাটোত থিতাতে নিহত হয় এজন লোক । AS-N2917 নম্বৰৰ মাটি কঢ়িওৱা এখন ট্ৰাকে মহতিয়াই লৈ যায় এজন স্কুটি আৰোহীক ৷ যাৰ ফলত থিতাতে নিহত হৈছিল স্কুটি আৰোহী ৰাজীৱ বৰা ৷ নিহত ৰাজীৱ বৰাৰ ঘৰ নগাঁও জিলাৰ হোজ গাঁৱত বুলি জানিব পৰা গৈছে ৷ ইফালে,ৰাজীৱ বৰাৰ সৈতে স্কুটি খনত আছিল তেওঁৰ সম্বন্ধীয় এগৰাকী কণমানি ভটিজা ৷ দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল ভতিজাকৰ ৷

নগাঁৱৰ ৰাজপথত মানৱতাৰ স্খলন

পলকতে সংঘটিত হোৱা ঘটনাটো কণমানিজনীয়ে তলকিবই নোৱাৰি ঘূৰি ফুৰিছিল মৃতদেহৰ চাৰিওফালে ৷ কণমানিজনীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল কোনো লোক ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী ৷ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ৰাজীৱ বৰাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,নিহত ৰাজীৱ বৰা এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷ বৰাৰ মৃত্যুত এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে এক শোকাকূল পৰিৱেশৰ ৷

অন্য এক খবৰৰ বাবে: মহানগৰীৰ চিটি চেন্ট্ৰেল ম'লত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Feb 9, 2021, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.