নগাঁও,ধুবুৰী, 21 ডিচেম্বৰ : শনিবাৰে ৰাজ্যত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা । নগাঁৱৰ কুৰুৱাবাহীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত 5 জন লোক নিহত হোৱাৰ লগতে 10 জনৰো অধিক লোক আহত হয় । মাটি কঢ়িওৱা ডাম্পাৰ আৰু যাত্ৰীবাহী টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত আহত হোৱা লোককেইজনক ভৰ্তি কৰা হয় চিকিৎসালয়ত ।
আনহাতে, বিলাসীপাৰাৰ চিৰাকুটাত সংঘটিত হোৱা আন এটা পথ দুৰ্ঘটনাত নিহত হয় 15 বছৰীয়া এজন কিশোৰ । কিশোৰজন চৰুৱাবাখৰা প্ৰথম খণ্ড গাঁৱৰ আয়নাল হক বুলি জানিব পৰা গৈছে । গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখী আহি থকা তীব্ৰ বেগী এখন আল্ট্ৰা বাছে প্ৰচণ্ড জোৰে খুন্দিয়ায় চাইকেল চলাই আহি থকা কিশোৰজনক । যাৰ ফলত থিতাতে নিহত হয় কিশোৰজনৰ । ইফালে,ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষীৰ দল । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাছখনক জব্দ কৰি থানালৈ লৈ যায় ।
অন্য এক খবৰৰ বাবে : নাগৰিকত্ব সংশোধনী আইনে জনতাক বিচলিত কৰিছেঃ শাৰদ পাৱাৰ