ETV Bharat / state

নগাঁৱত এখুদ ককাইদেউৰ জন্মদিন উদযাপন - সাংস্কৃতিক গোষ্ঠী

নগাঁৱত কবি নৱকান্ত বৰুৱাৰ জন্মদিন উদযাপন ৷ কল্লোল ভৱনৰ সমীপৰ কলঙৰ বাকৰিত ৰাইজৰ সহযোগত উদযাপন কৰা বিশিষ্ট কবি গৰাকীৰ জন্মদিন ৷

nabakanta-baruah-birthday-celebration-at-nagaon
নগাঁৱত এখুদ ককাইদেউৰ জন্মদিন উদযাপন
author img

By

Published : Dec 29, 2020, 6:19 PM IST

Updated : Dec 29, 2020, 8:41 PM IST

নগাঁও, 29 ডিচেম্বৰ : নগাঁৱত কলং কপিলীপৰীয়া ৰাইজৰ সহযোগত কবিতা সম্ৰাট নৱকান্ত বৰুৱাৰ জন্মদিন উদযাপন কৰা হয় । নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোল ভৱনৰ সমীপৰ কলঙৰ বাকৰিত কলং কপিলীপৰীয়া ৰাইজৰ সহযোগত উদযাপন কৰা হয় নৱকান্ত বৰুৱাৰ জন্মদিন ৷

নগাঁৱত এখুদ ককাইদেউৰ জন্মদিন উদযাপন

কবি নৱকান্ত বৰুৱাৰ ওপজা দিনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক সমালোচক প্ৰভাত বৰাই । সাংস্কৃতিক কৰ্মী প্ৰাঞ্জল মহন্তই আঁত ধৰা অনুষ্ঠানটিত ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱা, ৰিমলী শৰ্মা বৰা, সন্তোষ কলিতা আদিয়ে নৱকান্ত বৰুৱা ৰচিত গীত পৰিবেশন কৰে ।

নগাঁৱত এখুদ ককাইদেউৰ জন্মদিন উদযাপন

একেটা অনুষ্ঠানতে পূৰবী শইকীয়া, ৰূপম নাথ, জ্যোতিপ্ৰসাদ বৰা, কণমানি ছুমায়া ছাদীদ চৌধুৰীকে আদি কৰি বহুকেইজনে কবি নৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গল্পকাৰ শিবানন্দ কাকতি, সমাজকৰ্মী মুকুট ভূঞা, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, সম্পাদক চন্দনজ্যোতি বৰাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : উত্তৰ-পূৱ ৰেলৱে'ৰ 370 ষ্টেচনলৈ বিনামূলীয়া Wi-Fi সেৱা

Last Updated : Dec 29, 2020, 8:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.