ETV Bharat / state

Mysterious death Dhanti Heera : পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱত ধন্তি হীৰাৰ মাতৃৰ সংবাদমেল

পুত্ৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱত ধন্তি হীৰাৰ মাতৃৰ সংবাদ মেল ৷ আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় বুলি আক্ষেপ নিহত ফটো সাংবাদিক ধন্তি হীৰা মাতৃৰ ৷

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 2:25 PM IST

Mysterious death Dhanti Heera
পুত্ৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱত ধন্তি হীৰাৰ মাতৃৰ সংবাদমেল
পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱত ধন্তি হীৰাৰ মাতৃৰ সংবাদমেল

চামগুৰি,16 ছেপ্টেম্বৰ : পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি দুৰ্ভগীয়া মাতৃৰ সংবাদমেল ৷ বুকুত পুত্ৰৰ ফটো সাৱতি লৈ হাতযোৰ কৰি ন্যায় বিচাৰিছে নগাঁও চামগুৰিৰ ফটো সাংবাদিক ধন্তি হীৰাৰ মাতৃয়ে ৷ শনিবাৰে ধন্তি হীৰাৰ মাতৃয়ে সংবাদমেলত নগাঁও আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ আক্ষেপ প্ৰকাশৰ লগতে তেওঁৰ পুত্ৰক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে যোৱা 16 জুলাইত ৰহস্যজনক অৱস্থাত চামগুৰিৰ বৰভেঁটিত উদ্ধাৰ হৈছিল ফটো সাংবাদিক ধন্তি হীৰাৰ মৃতদেহ ৷

নিহত ধন্তিৰ পৰিয়ালৰ অভিযোগ অনুসৰি ধন্তি হীৰাক পৰিকল্পিতভাৱে হত্যা কৰাৰ হৈছিল ৷ কিন্তু খাটোৱাল থানাৰ আৰক্ষী বিষয়া ৰঞ্জিত গগৈয়ে সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দি তদন্তৰ নামত ভেঁকোভাওনা কৰা অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে ৷ কেৱল সিমানে নহয় হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ধন্তিৰ পৰিয়ালে ৷

নগাঁও প্ৰেছ ক্লাৱত দিয়া এক সংবাদমেলত মৃত ধন্তি হীৰাৰ মাতৃ আৰু ভগ্নীয়ে আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰে ৷ ‘‘সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আগত SIT গঠনৰ কথা কৈছিল নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ কিন্তু কোনো বিশেষ তৎপৰতা নেদেখোৱাটো অতি দুৰ্ভাগ্যজনক’’ বুলিও আক্ষেপ প্ৰকাশ কৰে ভুক্তভোগী পৰিয়ালে ৷ তদুপৰি ধন্তি হীৰাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনটো মূৰৰ পিচফালে আৰু বুকুত আঘাতৰ চিন থকা কথা উল্লেখ আছে বুলি সংবাদমেলত সদৰী কৰে ধন্তিৰ পৰিয়ালে ৷ এনে অৱস্থাত ধন্তি হীৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ হস্তক্ষেপ বিচাৰি কাতৰ আহ্বান জনাইছে ধন্তিৰ মাতৃয়ে ৷

লগতে পঢ়ক:Public Protest in Nagaon: সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে চৰকাৰী চাউলৰ লুণ্ঠনৰ অভিযোগেৰে উত্তপ্ত নগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.