ETV Bharat / state

আইন উলংঘনকাৰীৰ বিৰুদ্ধে কলিয়াবৰত পৰিবহন বিভাগৰ অভিযান

author img

By

Published : Jul 5, 2022, 11:41 AM IST

কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিভাগৰ অভিযান (Drive against violators of traffic laws)। যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ । হেলমেট পৰিধান নকৰা, চিট বেল্ট নলগোৱা চালকক জৰিমনা বিহিলে ।

Traffic
আইন উলংঘনকাৰীৰ বিৰুদ্ধে কলিয়াবৰত পৰিবহণ বিভাগৰ অভিযান

কলিয়াবৰ,৫ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে পথ দুৰ্ঘটনাত একাংশ নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । সাৱধানতা অৱলম্বন নকৰাৰ ফলত আৰু যান-বাহন আইন পালন নকৰাৰ বাবেই বিভিন্নজন দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাবোৰৰ বেছিভাগেই যান-বাহন আইন উলংঘনৰ (Violation of traffic laws) বাবেই হোৱা দেখা যায় । হেলমেট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱা আদি সেইবোৰৰ অন্যতম কাৰণ ।

যাৰ বাবে ৰাজপথত পৰিবহন বিভাগে অভিযান চলাবলগীয়া হয় (Transport department drive against Violators)। শেহতীয়াকৈ পৰিবহণ বিভাগে 'মিছন ছাৰখাৰ'কে ধৰি কেইবাটাও কঠোৰ পদক্ষেপ লোৱা দেখা গৈছে । ফলস্বৰূপে যথেষ্ট পৰিমাণৰ কৰ সংগ্ৰহ কৰাৰ লগতে আইন ভংগকাৰী চালকক সকীয়নিও প্ৰদান কৰা হৈছে ।

এইবাৰ নগাঁও জিলাৰ কলিয়াবৰৰ ৰাজপথতো যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে তৎপৰ হোৱা দেখা গৈছে পৰিবহন বিভাগক (Drive against violators of traffic laws)। ৰাজপথত প্ৰতিখন সৰু-বৰ গাড়ীয়ে ৰখাই নগাঁও পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে নথি-পত্ৰ পৰীক্ষা কৰিছে । লগতে হেলমেট পৰিধান নকৰা, চিট বেল্ট নলগোৱা চালকক জৰিমনা বিহিছে ।

নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে কলিয়াবৰৰ মিছা আৰু কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে অভিযান চলাই জৰিমনা বিহিছে যান-বাহন আইন উলংঘা কৰা একাংশ চালক-আৰোহীক (MVI operation at Kaliabor)। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথত বহু সময়ত যান-বাহন আইন উলংঘা কৰাৰ বাবেই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । যাৰ বাবে সময়ে সময়ে এনেদৰে নগাঁও পৰিবহণ বিভাগে অভিযান চলায় আহিছে ।

লগতে পঢ়ক :নলবাৰীৰ লোহাৰকাঠাত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.