ৰূপহীহাট,27ছেপ্তেম্বৰঃ কংগ্ৰেছৰ দিনত হত্যা কৰা হৈছিল মুছলমানক, বিজেপিৰ দিনত তেনে ঘটনা ঘটা নাই ৷ গেৰুৱা বসন পিন্ধিয়েই এই বিতৰ্কিত মন্তব্য কৰে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি আব্দুল আজিজে ৷ কংগ্ৰেছ, এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল আখ্যা দি কংগ্ৰেছৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ অধিক হোৱা বুলিও উল্লেখ কৰিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷
শুকুৰবাৰে ৰূপহীহাটৰ হাতীপুখুৰীত স্থানীয় বিজেপিৰ দ্বাৰা আয়োজিত এক সম্বৰ্দ্ধনা অনুস্থানত অংশ গ্ৰহণ কৰি আব্দুল আজিজে কয় যে, কংগ্ৰেছৰ দিনত সংখ্যালঘু এলেকাত মাটি বিক্ৰী হৈছিল ; কিন্তু বিজেপি চৰকাৰৰ অহাৰ পিছত মুছলমান এলেকাত বিক্ৰী হোৱা নাই মাটি।
প্ৰাক্তন বিধায়কগৰাকীৰ বিজেপি গমনৰ পিছতে এনে বিতৰ্কিত মন্তব্যত সংখ্যালঘু অধ্যুষিত সমষ্টিটোত ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃপাঠ্যক্ৰমৰ পৰা নেহৰু বাদ পৰিল কিয়ঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ বিৰোধী দলপতিৰ