ETV Bharat / state

১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য

author img

By

Published : Apr 27, 2021, 7:40 PM IST

নগাঁও জিলাৰ ৰহাত সংঘটিত চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডই এতিয়া কপাইছে সমগ্ৰ ৰাজ্য ৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই ৷ চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি আজি নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 7 টাকৈ দল-সংগঠনে ৷

১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য
১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য

নগাঁও, 26 এপ্ৰিল : ১২ বছৰীয়া কিশোৰী চুমিলা ৰংহাংপীৰ নিৰ্মম হত্যাকাণ্ডক লৈ আজিও উত্তাল হৈ আছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত । ক'ভিডৰ ভয়াবহতাকো আওকান কৰি চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 7 টাকৈ সংগঠনে ৷

নগাঁও মহাবিদ্যালয়ৰ মতিৰাম বৰা ক্ষেত্ৰত সাব্যস্ত কৰা প্ৰতিবাদস্থলীত অসম মহিলা সংঘ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, কাৰ্বি প্ৰগতিশীল নাৰী, নগাঁও ডিষ্ট্ৰিক্ট কাৰ্বি অৰ্গেনাইজেশ্যন আৰু নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীয়ে চুমিলা ৰংহাংপীৰ হত্যাকাৰী ফাঁচী দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে ফাষ্ট ট্ৰেক আদালত এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাবলৈ দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, অগ্নিদগ্ধ অৱস্থাত চুমিলা ৰংহাংপীৰ মৃতদেহ উদ্ধাৰ হোৱা পাচতে ৰহা খাইগড় নিবাসী প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালৰ বিৰুদ্ধে কিশোৰী গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত উত্থাপন হৈছিল ৷ ইয়াৰ পাচতে প্ৰতিবাদ মূখী হৈ পৰে প্ৰতিজন সচেতন লোকৰ লগতে প্ৰতিটো জাতীয় দল-সংগঠন ৷ আৰক্ষীয়ে প্ৰকাশ বৰঠাকুৰ লগতে পত্নী- পুত্ৰক গ্ৰেপ্তাৰ কৰি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই ৷

লগতে পঢ়ক: অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.