ETV Bharat / state

বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই হত্যা !

author img

By

Published : Sep 25, 2020, 7:15 PM IST

এগৰাকী ব্যক্তিয়ে ভনীয়েকক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটি লয় ৷ ব্যক্তি গৰাকীক নিজ বাসগৃহত আহি শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তৰ এটা দলে ৷ ধিং সমষ্টিৰ অন্তৰ্গত এক নং লাঙিয়া গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

Murder at Dhing nagaon assam etv bharat news
বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই হত্যা !

ৰূপহীহাট,25 ছেপ্তেম্বৰ: নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ৷ এগৰাকী ব্যক্তিয়ে ভনীয়েকক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটি লয় ৷ ব্যক্তিগৰাকীক নিজ বাসগৃহত আহি গুলীয়াই হত্যা কৰে দুৰ্বৃত্তৰ এটা দলে ৷ তথ্য অনুসৰি,ধিং সমষ্টিৰ অন্তৰ্গত এক নং লাঙিয়া গাঁৱত সংঘটিত হৈছে এনে কৰুণ ঘটনা ৷

তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিষ্টলেৰে গুলী কৰি হত্যা কৰে নবি হুছেইন নামৰ লোক এজনক । ধিং সমষ্টিৰ অন্তৰ্গত উদানতলা গাঁৱৰ তিনিগৰাকী যুৱক ক্ৰমে আনাৰুল ইছলাম, দিলদাৰ হুছেইন আৰু নাছিৰুল ইছলাম ঘটনাটোত জড়িত থকাৰ কথা প্ৰকাশ কৰিছে ব্যক্তিগৰাকীৰ পৰিয়ালবৰ্গই ৷ মৃত ব্যক্তি গৰাকীক শূন্য দুৰত্বৰ পৰা গুলীয়াই নিৰ্বিঘ্নে আঁতৰি যায় দুৰ্বৃত্তৰ দলটো ৷ নবি হুছেইনে ভগ্নীক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবে সংঘটিত হয় এনে হত্যাকাণ্ডৰ ঘটনা ৷ সম্প্ৰতি ঘটনাস্থলীত ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

লগতে চাওকঃ কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীৰে গোৰেশ্বৰবাসীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.