ETV Bharat / state

প্ৰহসনত পৰিণত কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰ - ৰাষ্ট্ৰীয় বেম্বো মিচন

বিগত 9 বছৰে অচল অৱস্থাতে পৰি আছে নগাঁও জিলাৰ চামগুৰিৰ বাজিয়া গাঁৱত নিৰ্মাণ কৰা কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰটো ৷ কেন্দ্ৰটো নিৰ্মাণৰ নামত তেতিয়াৰ এগৰাকী কংগ্ৰেছী মন্ত্ৰীয়ে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

multi-crore-bamboo-project-dying-slow-death-in-assams-nagaon-district
প্ৰহসনত পৰিণত বাজিয়াগাঁৱৰ কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰ
author img

By

Published : Jul 15, 2021, 6:07 PM IST

চামগুৰি, 15 জুলাই : হাবি জংঘলেৰে আবৃত হৈ এক কদৰ্যময় পৰিৱেশলৈ পৰ্যবসিত হৈছে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়া গাঁৱত বহু কোটি টকাৰ ব্যয় সাপেক্ষে স্থাপন কৰা কেন্দ্ৰটো ৷ নিবনুৱা সমস্যা দূৰীকৰণৰ লগতে গ্ৰাম্য অৰ্থনীতি চহকী কৰাৰ প্ৰতি লক্ষ ৰাখি 2012 চনতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনে এই কেন্দ্ৰটো স্থাপন কৰিছিল ৷ কিন্তু বৰ্তমানেও অতি কদৰ্যময় পৰিৱেশত অচল অৱস্থাত পৰি আছে বহু কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰটো ৷ এই কেন্দ্ৰটো নিৰ্মাণৰ নামত চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা তদানীন্তন বন,পৰ্যটন পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনে উক্ত প্ৰকল্পৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

প্ৰহসনত পৰিণত বাজিয়াগাঁৱৰ কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰ

উল্লেখ্য যে, 2006-2007 বৰ্ষত ৰাষ্ট্ৰীয় বেম্বো মিচনৰ অধীনত বাঁহ ৰোপনৰ নামত আৱন্টিত কোটি কোটি টকা শৰাধ হোৱাৰ জীৱন্ত সাক্ষী এই মৃত প্ৰায় এই কেন্দ্ৰটো ৷ সেই সময়ত ৰাষ্ট্ৰীয় বেম্বো মিচনৰ পৰিচালক আছিল আৰ পি আগৰৱালা আৰু এন আনন্দ আছিল নগাঁও আৰু তেজপুৰ বন সংমণ্ডলৰ জিলা বন বিষয়া(DFO)৷ ইফালে তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনৰ ছত্ৰছাঁয়াতে নিৰ্মিত "বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰ"টোৰ প্ৰতি বিগত বিজেপি চৰকাৰখনেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান উঁই পৰুৱা ভক্ষণ কৰিলে কেন্দ্ৰটোৰ গুৰুত্বপূৰ্ণ আচবাব সমূহৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

স্থানীয় ৰাইজে জনোৱা মতে, কেন্দ্ৰটো মুকলি কৰাৰ সময়ত তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনে কেন্দ্ৰটোৰ জড়িয়তে স্থানীয় যুৱক-যুৱতীসকলে সংস্থাপন লাভ কৰিব বুলি উদাত্ত ভাষণ দিছিল ৷ কিন্তু কেন্দ্ৰটো নিৰ্মাণৰ 9 বছৰ উকলি যোৱাৰ পাছতো কেন্দ্ৰটোৰ পৰা উপকৃত হোৱা নাই এজনো যুৱক-যুৱতী ৷ যাৰ বাবে স্থানীয় সচেতন ৰাইজে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সমগ্ৰ প্ৰকল্পৰ দুৰ্নীতি সন্দৰ্ভত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰাৰ লগতে ৰাইজৰ স্বাৰ্থত কেন্দ্ৰটো পুনৰ উজ্জীবিতকৰণৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ অৱশেষত সন্তানসহ দুলুমণি সোমালহি বোকাখাত থানাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.